ETV Bharat / bharat

বৰদিনৰ পূৰ্বে মিজোৰামত পুনৰ 15 লোক ক'ভিডত আক্ৰান্ত

বৰদিনৰ আগদিনা মিজোৰামত বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ নতুনকৈ 15 গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷

বৰদিনৰ পূৰ্বে মিজোৰামত পুনৰ 15 লোক ক'ভিডত আক্ৰান্ত
বৰদিনৰ পূৰ্বে মিজোৰামত পুনৰ 15 লোক ক'ভিডত আক্ৰান্ত
author img

By

Published : Dec 24, 2020, 7:58 PM IST

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : বৰদিনৰ আগদিনা মিজোৰামত বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ নতুনকৈ 15 গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷ জোৰাম মেডিকেল কলেজৰ RT-PCR লেবৰেটৰীত 9 টা ঘটনা আৰু ৰেপিড এন্টিজেন টেষ্টত 6 টা ঘটনা পোহৰলৈ আহিছে ৷ বৰ্তমানলৈকে মিজোৰামত ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 8 জন হৈছেগৈ ৷

ৰাজধানী আইজলতে আক্ৰান্তৰ সংখ্যা 63 হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 7 গৰাকী ৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যখনতে জনসমাবেশ নিষেধ কৰা হৈছে ৷ চৰকাৰী নিৰ্দেশাৱলী অনুসৰি, কোনো অন্তোষ্টিক্ৰিয়া অথবা বিবাহত 35 জনতকৈ অধিক লোকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

সকলো গীৰ্জাঘৰ বন্ধ ৰখা হৈছে ৷ বৰদিনৰ সকলো ৰীতি-নীতি অনলাইন আয়োজন কৰা হৈছে ৷ আইজল পৌৰসভা এলেকাত প্ৰায় 7 মাহ ধৰি নিশাৰ 8 বজাৰ পৰা পুৱা 4.30 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ ৰাজ্যখনত প্ৰৱেশ কৰা যিকোনো লোকে বাধ্যতামূলক 7 দিনৰ কোৱাৰান্টাইনত থাকিব লাগিব ৷

লগতে পঢ়ক : কাজিৰঙাত বিএছএফ আৰু বিজিবিৰ দল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.