নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ: কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ সংকট কালত বিশ্বৰ কেইবাখনো দেশক সহায় কৰাৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে সাগৰ অভিযান। এই অভিযানৰ দ্বিতীয় সংস্কৰণ অৰ্থাত্ সাগৰ অভিযান-২ৰ অংশ হিচাপে যোৱা ৬ নৱেম্বৰত এৰিট্ৰিয়াৰ মাচ্ছাৱা বন্দৰত উপস্থিত হয় ভাৰতীয় নৌ সেনাৰ জাহাজ 'ঐৰাবত'।

সাগৰ অভিযান-২ ভাৰত চৰকাৰে আৰম্ভ কৰা এনে এক অভিযান,যাৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ আৰু কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়ত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা দেশসমূহক ভাৰতে সহায় কৰে। আই এন এছ 'ঐৰাবতে' এৰিট্ৰিয়াৰ নাগৰিকৰ বাবে খাদ্য সামগ্ৰী কঢ়িয়াই লৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সাগৰ মিছন'ৰ ধাৰণাৰ দ্বাৰা মুখ্য সাগৰীয় সংস্থা হিচাপে ভাৰতীয় নৌ সেনাক লৈ ভাৰত মহাসাগৰ ক্ষেত্ৰত নিৰ্ভৰশীল অংশীদাৰ হিচাপে ভাৰতীয় অৱস্থানৰ পুনৰাবৃত্তি কৰা হৈছে।

সাগৰ অভিযান-২ৰ জৰিয়তে ভাৰতৰে সমুদ্ৰ সীমান্তৱৰ্তী দেশসমূহৰ সৈতে বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰিবলৈ প্ৰয়াস কৰিছে ভাৰত চৰকাৰে। ভাৰতীয় নৌসেনা, বৈদেশিক মন্ত্ৰালয় আৰু ভাৰত চৰকাৰে আন সংস্থাসমূহৰ লগত একগোট হৈ অভিযান অব্যাহত ৰাখিছে। সম্পূৰ্ণ স্বদেশী ৰূপত নিৰ্মাণ কৰা হৈছে নৌ সেনাৰ জাহাজ 'ঐৰাবত'ক। ২০০৯ চনৰ ১৯ মে' মাহত 'ঐৰাৱতে' প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল।

মানুহৰ সহায়ৰ বাবে আৰু বিপদৰ সময়ত সহায় কৰাৰ ক্ষেত্ৰত অনুকুল বুলি বিবেচিত হৈছে 'ঐৰাৱত'। আনহাতে, মহামাৰীৰ সংক্ৰমণে কালৰূপ ধাৰণ কৰাৰ সময়ত সাগৰ অভিযান-১ৰ অধীনত ভাৰতীয় নৌ সেনাৰ জাহাজ 'কেশৰী'য়ে মালদ্বীপ, মৰিছাছ, ছিছিলিছ, মাডাগাস্কাৰ আৰু ক'ম'ৰছলৈ খাদ্য সামগ্ৰী কঢ়িয়াই নিছিল। লগতে মহামাৰীৰ সময়ত গ্ৰহণ কৰিব পৰাকৈ ঔষধ, হাইড্ৰক্সিক্ল'ৰ'কুইন টেবলেট আৰু আয়ুৰ্বেদিক ঔষধো ভাৰতৰ পৰা প্ৰেৰণ কৰা হৈছিল।

মালদ্বীপৰ মালে বন্দৰত সাগৰ অভিযান-১ৰ অধীনত 'কেশৰী'য়ে ৬০০ টন খাদ্য সামগ্ৰী যোগান ধৰে। বিপদৰ সময়ত সাহসেৰে যুঁজ দিয়াৰ ক্ষেত্ৰত এই দেশসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
লগতে পঢ়ক:মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ