ETV Bharat / bharat

শীঘ্ৰে পাকিস্তানক সমৰ্পণ কৰা হ’ব আলী হাইদৰক - পাক অধিকৃত কাশ্মীৰৰ বাসিন্দা আলী হাইদৰ

পাক অধিকৃত কাশ্মীৰৰ বাসিন্দা আলী হাইদৰ নামৰ 14 বছৰীয়া যুৱকজনে ভুলক্ৰমে ভাৰতৰ সীমাত প্ৰৱেশ কৰিছিল ৷ যুৱকজনক এছঅ’জি নামৰ দেশৰ সুৰক্ষাকাৰ্যত নিয়োজিত সংস্থাটোৱে সীমান্তৰ পৰা আটক কৰিছিল ৷ শীঘ্ৰে যুৱকজনক নিজ দেশলৈ ওভটাই পঠিওৱা হ’ব ৷

Minor who entered J-K's Poonch 'inadvertently',  to be sent back to Pakistan
শীঘ্ৰে পাকিস্তানক সমৰ্পণ কৰা হ’ব আলী হাইদৰক
author img

By

Published : Jan 2, 2021, 9:03 AM IST

পুঞ্চ,2 জানুৱাৰী: পাকিস্তানৰ 14 বছৰীয়া যুৱক আলী হাইদৰে ভুলক্ৰমে ভাৰতত প্ৰৱেশ কৰি বন্দী হৈছিল সীমান্তৰ সুৰক্ষাত নিয়োজিত কৰ্মীৰ হাতত ৷ সম্প্ৰতি পুঞ্চত আছে যুৱকগৰাকী ৷ পুঞ্চ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া ৰমেশ অংগৰালে এই সন্দৰ্ভত কয় যে, পু়্ঞ্চ জিলাত জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে বৃহস্পতিবাৰে নিশা অজোত গাঁৱৰ সমীপৰ বতৰনালেত কৰায়ত্ত কৰে যুৱকজনক ৷ ধৃত যুৱক আলী হাইদৰ পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰৰ বাসিন্দা ৷

বহু সোধ-পোছৰ অন্তত যুৱকজন ভুলক্ৰমে ভাৰতত প্ৰৱেশ কৰাতো প্ৰমাণিত হৈ পৰে ৷ সেয়ে শীঘ্ৰে পাকিস্তানলৈ ঘূৰাই পঠিওৱা হ’ব যুৱকজনক ৷ এই সন্দৰ্ভত পাকিস্তান আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ সৈতে যোগাযোগ কৰা হৈছে ৷

আলীয়ে জম্মু-কাশ্মীৰ আৰক্ষীৰ লগতে ভাৰতীয় সৈন্যক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ আলীয়ে ভুলক্ৰমে ভাৰতৰ সীমাত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে ৷ কাপোৰ, খাদ্য আৰু জোতা প্ৰদান কৰি আৰক্ষী আৰু সৈন্যসকলে মহানুভৱতাৰ পৰিচয় দিছে ৷ লগতে শীঘ্ৰে ঘৰলৈ পঠিয়াবলৈ আলীয়ে অনুৰোধ জনাইছে আৰক্ষী আৰু সেনাবাহিনীক ৷

লগতে চাওকঃ আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.