ETV Bharat / bharat

কৰ'ণা ভাইৰাছ : স্বাস্থ্যকৰ্মীলৈ মন্ত্ৰণালয়ৰ SOP জাৰি

author img

By

Published : Mar 30, 2020, 8:08 AM IST

স্বাস্থ্যকৰ্মীলৈ স্বাস্থ্য মন্ত্ৰণালয়ৰ জৰুৰী নিৰ্দেশাৱলী প্ৰদান ৷

কৰ'ণা ভাইৰাছ
স্বাস্থ্যকৰ্মীলৈ মন্ত্ৰণালয়ৰ SOP জাৰি

নেশ্যনেল ডেস্ক, 30 মাৰ্চ : দেশত কোভিড-19 ৰ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন ব্যৱস্থা ৷ স্বাস্থ্য় মন্ত্ৰণালয়ে এই সম্পৰ্কত কিছু নিৰ্দেশাৱলী প্ৰদান কৰাৰ লগতে কোভিড-19 ৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীসকলৰ বাবে জাৰি কৰিছে কিছুমান নিৰ্ধাৰিত সঞ্চালন প্ৰক্ৰিয়াৰ (standard operating procedure) ৷

এই SOP অনুসৰি সকলো সন্দেহযুক্ত লোকক আইচ'লেছন ৱাৰ্ডত ৰখাৰ লগতে গুৰুতৰ ঘটনাসমূহৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখা উচিত ৷ ইয়াৰোপৰি, ৰোগী কঢ়িওৱা এম্বুলেন্সসমূহো পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ মুৰব্বী চিকিৎসা বিষয়াৰ (CMO/CS) দ্বাৰা নিয়োজিত স্বাস্থ্য কৰ্মীয়েহে এই দায়িত্ব পালন কৰিব ৷

ইয়াৰোপৰি, টেলিফোনিক সেৱাৰ জৰিয়তে ৰোগীৰ পৰা ফোনকল লাভ কৰাৰ পাচত সেই সম্পৰ্কত গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কেও জাননী জাৰি কৰা হয় ৷

এই নিৰ্দেশনা অনুসৰি, 102 এম্বুলেন্স যিহেতু গৰ্ভৱতী মহিলা আৰু ৰোগাক্ৰান্ত শিশুৰ বাবেহে ব্যৱহাৰ কৰা হয় সেয়েহে এই এম্বুলেন্সত কৰ'ণা ৰোগী অনা উচিত নহয় ৷

ইয়াৰোপৰি, জৰুৰীকালিন স্বাস্থ্য বিভাগৰ কৰ্মী (Emergency Medical Technicians) আৰু এম্বুলেন্স চালকসকলে যাতায়তৰ সময়ত ব্যক্তিগত সুৰক্ষা সঁজুলি (Personal Protective Equipment) পৰিধান কৰিব লাগিব ৷

ইয়াৰোপৰি, ৰোগী আৰু ৰোগীৰ পৰিয়ালক প্ৰদান কৰা হব তিনি তৰপীয়া মাস্ক আৰু গ্লোভছ ৷ হাত ধুৱা আৰু শ্বাস-প্ৰশ্বাসজনত শিষ্টাচাৰ সকলোৱে শিকা উচিত বুলিও নিৰ্দেশনাত প্ৰকাশ ৷

টেলিফোনিক সেৱাৰে ফোনকল লাভ কৰাৰ পাচত স্বাস্থ্যকৰ্মীসকলে পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰাৰ লগতে ছুপাৰভাইজাৰৰ নিৰ্দেশ অনুসৰি দায়িত্ব পালন কৰা উচিত ৷

ইয়াৰোপৰি, স্বাস্থ্যকৰ্মীৰ কৰ্মৰ সাপ্তাহিক পৰ্যালোচনাও কৰিব মুৰব্বী চিকিৎসা বিষয়াই ৷

আৰু পঢ়ক : বিশ্বব্যাপী Covid 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.