নিউজ ডেস্ক, 15 এপ্ৰিলঃ মঙলবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নৱাব মালিকে বাতৰিৰ ভিডিঅ' এটা প্ৰকাশ কৰি দাবী কৰে যে,ৰে'লৱেই বিশেষ ৰে'লৰ ব্যৱস্থাৰে শ্ৰমিক সকলক নিজৰ স্থানলৈ যোৱাত সহায় কৰিছিল।
এই বাতৰিয়ে বান্দ্ৰা ষ্টেচনৰ বাহিৰত জনতাৰ ভিৰ হোৱাত সহায় কৰিছিল । টুইটাৰ যোগে ভিডিঅ'টো শ্বেয়াৰ কৰি এন চি পিৰ নেতা জনে কয় যে,"এইটো অস্বীকাৰ কৰিব নোৱাৰি যে,এই প্ৰতিবেদনৰ পাচত বান্দ্ৰা ষ্টেচনত জনসমাগম হোৱাৰ সম্ভাৱনা আছিল" ।
বান্দ্ৰা ষ্টেচনত 1000 ৰো অধিক শ্ৰমিক নিজ নিজ স্থানলৈ যাবলৈ একগোট হৈছিল । মোডীয়ে লক ডাউন 3 মে'লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পাচতেই সৃষ্টি হৈছিল এই পৰিৱেশৰ।
লগতে চাওকঃ লকডাউন বৃদ্ধি : প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মুম্বাইৰ ৰাজপথ