ETV Bharat / bharat

মহাৰাষ্ট্ৰত পাৱাৰৰ ধুমুহাত দৰ্পচূৰ্ণ গেৰুৱা দলৰ অহংকাৰ : গেৰুৱা দলক মহাৰাষ্ট্ৰবাসীৰ বাৰ্তা "আমাক নিশ্চিতভাৱে নল'ব"

author img

By

Published : Oct 25, 2019, 5:58 AM IST

Updated : Oct 25, 2019, 11:36 AM IST

ঘোষণা হ'ল মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ 288 খন আসনৰ ভিতৰত 157 খন আসন লাভেৰে পুনৰ ক্ষমতালৈ আহিল বিজেপি-শিৱসেনা মিত্ৰজোট ৷ আশানুৰূপ ফলাফল লাভত বেয়াকৈ ব্যর্থ হ'ল ভাৰতীয় জনতা পাৰ্টী ৷ অথলে গ'ল বিজেপিৰ অকলেই মেজিক নাম্বাৰ, "144" খন আসন জিকাৰ দাবী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ মাৰাথান প্ৰচাৰ অভিযানৰ পাছতো পূর্বতকৈ 19 খন আসন হ্ৰাস পায় মাত্ৰ 103 আসনতে সীমাবদ্ধ থাকিল দলটো ৷ 98 খন আসন লাভেৰে দ্বিতীয় স্থানত কংগ্ৰেছ-এন চি পি মিত্ৰজোট ৷ গ্ৰামাঞ্চলত শাৰদ পাৱাৰৰ নেতৃত্বত এন চি পিৰ অভূতপূৰ্ব উত্থান ৷ মহাৰাষ্ট্ৰ নিৰ্বাচনৰ সকলো সামৰি ৰাজেন্দ্ৰ নৰহৰ চেটহেৰ এক বিশেষ লেখা ৷

মহাৰাষ্ট্ৰত পাৱাৰৰ ধুমুহাত দৰ্পচূৰ্ণ গেৰুৱা দলৰ অহংকাৰ : গেৰুৱা দলক মহাৰাষ্ট্ৰবাসীৰ বাৰ্তা "আমাক নিশ্চিতভাৱে নলব"

নিউজ ডেক্স: বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যখনত পুনৰ প্ৰশস্ত হ'ল বিজেপি-শিৱসেনাৰ ক্ষমতালৈ আগমনৰ পথ ৷ 288 আসনৰ ভিতৰত 157 খন আসনত বিজয় সাব্যস্ত কৰি মিত্ৰযোটে নিজকে যিমানেই শক্তিশালী দেখুৱাবলৈ চেষ্টা নকৰক লাগিলে কিন্তু মাত্ৰ ছমাহ আগেয়ে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত এক বৃহৎ জয়ৰ পাছত বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোৰ এই নাটকীয় খহনীয়া দলটোৰ বাবে গালত এক শক্তিশালী চৰ সদৃশ ৷ এই ফলাফলৰ দ্বাৰা যেন মহাৰাষ্ট্ৰবাসীয়ে গেৰুৱা দলক সকীয়নি দিলে জনসাধাৰণক নিশ্চিত ভাৱে নল'ব ৷

2014 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু শিৱসেনাই একক ভাৱে নিৰ্বাচন খেলিও বিজেপিয়ে 122 খন আৰু শিৱসেনাই 63খন সবমুঠ 185 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু পাচঁ বছৰৰ পাছত, দুয়োটা দলে একেলগে মিত্ৰজোঁট কৰি নিৰ্বাচন খেলিও আগৰ দৰে ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল ৷ যদিও নিৰ্বাচনী প্ৰচাৰ কালত দুয়োটা দলৰ আগশাৰীৰ নেতাসকলে মুঠ 288 খন আসনৰ 230 খন আসন লাভ কৰাটো নিশ্চিত বুলি সভাই-সমিতিয়ে ঘোষণা কৰি ফুৰিছিল ৷ কিন্তু বৃহস্পতিবাৰৰ ফলাফলে তেওঁলোকৰ এই দাবী অসাৰ প্ৰতিপন্ন কৰিলে ৷ য'ত মিত্ৰজোঁটে পূৰ্ৱৰ তুলনাত 25 খন আসনত বেয়াকৈ পৰাজিত হোৱাৰ লগতে ৰণত পৰিল 6 জন মন্ত্ৰীৰ লগতে শাসকীয় দলৰ কেইবাজনো বিধায়ক ৷ মাত্ৰ 6 মাহ আগৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে, মিত্ৰজোঁটে 227 খন আসনত লাভ কৰা ভোটৰ অংশ আছিল অধিক যি বিধানসভা নিৰ্বাচনতো মিত্ৰজোঁটক 220ৰ পৰা 230 খন আসন লাভৰ অলিক কল্পনাত বিভোৰ ৰাখি অধিক আত্মবিশ্বাসী কৰি তুলিছিল ৷

সাধাৰণ কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাবিছ আৰু তেওঁৰ সংগীবৃন্দই বিগত পাঁচ বছৰে শাসনত থাকি নিজৰ দক্ষতাৰ পৰিচয় নিদিয়া নহয় ৷ আনকি, এইখন চৰকাৰে মাৰাঠা সংৰক্ষণৰ বিবাদিত বিষয়টোৰ ওপৰতো উচ্চতম ন্যায়ালয়ৰ সহযোগত এক সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি কৃষিখণ্ডৰ বিভিন্ন সমস্যা আৰু অস্থিৰতা, পাৰিশ্ৰমিক মূল্য, শস্যৰ বীমাকৰণ, খৰাং আদিৰ ক্ষেত্ৰতো আংশিক সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে যাৰ ফলস্বৰূপে বিগত দিনত পঞ্চায়ত নিৰ্বাচনতো মিত্ৰজোঁটে জনসাধাৰণৰ সমৰ্থনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, এইটো বিশ্বাস কৰাৰো যুক্তি আছে যে, সংবিধানৰ কাশ্মীৰক বিশেষ ৰাজ্যৰ মায্যদা প্ৰদান কৰা অনুচ্ছেদ 370 বাতিলৰ ক্ষেত্ৰত কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ সিদ্ধান্তও নিৰ্বাচনী প্ৰচাৰ কালত জনসাধাৰণৰ মাজত এক ব্যাপক সফল নিৰ্বাচনী বিষয় আছিল ৷ লগতে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা তথা মোদীঢৌৰ কথা উল্লেখ নকৰাকৈ আজিকালি দেশত কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰেই সম্ভৱ নোহোৱা এটা অৱস্থা ৷ ইমানৰ পাছতো কিন্তু আশ্চর্যজনক ভাৱে উল্লেখিত সফলতা তথা মিত্ৰজোঁটৰ জাকজমক নিৰ্বাচনী প্ৰচাৰৰ প্ৰভাৱ জনসাধাৰণৰ মাজত আছিল তেনেই নিস্প্ৰভ ৷

এইবাৰৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ মনস্বত্ব তথা চিন্তাধাৰা আছিল সম্পূর্ণ বিপৰীত ৷ যদিও গেৰুৱা দল আৰু শিৱসেনাৰ মাজত মিত্ৰজোঁট আছিল কিন্তু এই মিত্ৰজোঁটত সম্পৰ্কত বিজেপি আছিল শিৱসেনাৰ জেষ্ঠ সহযোগী তথা নিৰ্বাচনী বিষয়বোৰত অধিক সোচ্চাৰ ৷ আৰু সেই দিশৰ পৰা চাবলৈ গ'লে ফলাফলত মিত্ৰজোঁটৰ এই দুর্বল প্ৰদৰ্শনৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰোটোও বিজেপিৰে নৈতিক দায়িত্ব ৷

তলত আজি ঘোষিত ফলাফলত বিজেপি-শিৱসেনাৰ এই নাটকীয় ছন্দ পতনৰ কেইটামান সম্ভাৱনীয় কাৰণ উল্লেখ কৰা হল-

1. প্ৰথমটো কাৰণ আছিল, এই নিৰ্বাচনত কিছু কিছু ক্ষেত্ৰত বিজেপিয়ে বহু আগত অৱস্থান গ্ৰহণ কৰিছিল ৷ উদাহৰণস্বৰূপে বিৰোধীক দুর্বল কৰাৰ বাবে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাবিছ আৰু তেওঁৰ সংগী সকলে আৰম্ভ কৰা "বিৰোধী দল ক'ত অভিযান" ৷ এইটো অৱশ্যেই স্বীকাৰ্য্য যে, এই অভিযানৰ ফলতে বিগত 12-15 মাহৰ পৰা মুখ্য বিৰোধী দল কংগ্ৰেছ আৰু এন চি পিৰ বহু আগশাৰীৰ বাঘা বাঘা নেতাই গেৰুৱা দলত অন্তভূৰ্ক্ত হৈছিল য'ত আনকি বিৰোধী দলৰ নেতাৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ প্ৰাক্তন সভাপতি পর্যন্ত আছিল ৷ কিন্তু এই অভিযানে বিজেপিলৈ অনা এই নেতাসকলৰ ওপৰত আছিল দুনীর্তিৰ গুৰুত্বৰ অভিযোগ, বহু নেতাৰ ওপৰত থকা গোচৰ আনকি চি বি আই আৰু ই ডিৰ প্ৰতক্ষ্য নিৰীক্ষণত আছিল ৷ যি বিৰোধী দল ক'ত বুলি প্ৰশ্ন কৰা বিজেপিৰ ছবি জনসাধাৰণৰ মাজত নিম্নগামী কৰিছিল ৷ যদিওবা এই অভিযান আছিল মিত্ৰজোটৰ বৰ্দ্ধিত অহংকাৰৰেই এক বহি: প্ৰকাশ ৷

etv bharat assam
ভোটদানৰ পাছত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাবিছ

2. বিৰোধী দলৰ নেতাক গেৰুৱাকৰণৰ দ্বাৰা বিজেপিয়ে বিধানসভা নিৰ্বাচনত আন বিৰোধী দলৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল কিন্তু প্ৰকৃততে গেৰুৱাকৰণ কেৱল নেতাৰহে হৈছিল কিন্তু তৃণমূল পর্যায়ৰ কর্মীসকল তেতিয়াও জনসাধাৰণৰ মাজত সক্ৰিয় অৱস্থাত আছিল ৷ ইয়াৰোপৰি সমবায় সমিতিসমূহৰ শৰদ পাৱাৰ তথা এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোটৰ সম্বন্ধ আগৰ দৰেই সুদৃঢ় আছিল য'ত গেৰুৱা দলৰ কোনো প্ৰভাৱ নাছিল ৷ গতিকে দেখা যায় বিৰোধী দলক নস্যাৎ কৰা বিজেপি দলটোৰ বাবে এক মৰাত্মক ভুল ৰূপে পৰিগণিত হৈছিল ৷

etv bharat assam
পৰিয়ালৰ সৈতে ভোটদান কৰি ওলাই অহা মুহূৰ্তত শিৱসেনা মুৰব্বী উৰ্দ্ধৱ থাকৰে

3. এই কথা কোৱাটো কেতিয়াও ভুল নহ'ব যে, যিসকল ভোটাৰে বিজেপি-শিৱসেনাক ভোট দিবলৈ গৈছিল তেওঁলোকৰ অধিকাংশই আছিল এক নেতিবাচক ধৰণৰ ৷ এই ভোটাৰসকলৰ মনত কংগ্ৰেছ আৰু এন চি পিৰ ওপৰত প্ৰচণ্ড ক্ষোভ আছিল সেইবাবে তেওঁলোকে দল দুটাক এক শিক্ষা দিব বিচাৰিছিল কিন্তু সেইটোৱে ভোটাৰ সকলক "এন্টি কংগ্ৰেছ"লৈ পৰিৱর্তিত হোৱাটো নুবুজাই ৷ মহাৰাষ্ট্ৰতো উত্তৰ প্ৰদেশৰ দৰে এটা অৱস্থাৰ আশা কৰাটো আছিল বিজেপিৰ তৃতীয় ভুল ৷

etv bharat assam
মিত্ৰজোটৰ দুই নায়ক

4. অতীতত বিজেপিয়ে মহাৰাষ্ট্ৰৰ অন্যান পিছ পৰা জাতিৰ লোকসকলক লৈ মাৰাঠাসকল আৰু তেওঁলোকৰ সমবায় সমিতিৰ বিৰুদ্ধে এটা মর্চা বনাবলৈ পাৰ্যমানে যত্ন কৰিছিল যি আছিল বিজেপিৰ চতুর্থ মৰাত্মক ভুল ৷ কিয়নো য'ত বিজেপিয়ে মাৰাঠা বিৰোধী লবি তৈয়াৰ কৰিব বিচাৰিছিল সেই অঞ্চলসমূহ আছিল সম্পূণৰূপে মাৰাঠা প্ৰভাৱিত, লগতে মাৰাঠা লবী আৰু চেনী লবী আছিল একে মুদ্ৰাৰ দুই পিঠি স্বৰূপ ৷ বিজেপিয়ে এতিয়ালৈকে পশ্চিম মহাৰাষ্ট্ৰত নিজৰ ভেটি সুদৃঢ় কৰিব নোৱাৰিলে কিয়নো এই অঞ্চলত বিজেপি বিৰোধী সমবায় সমূহৰ প্ৰভাৱ অপৰিসীম ৷ ইফালে প্ৰভাৱশালী নেতা শৰদ পাৱাৰৰ নাম ই ডিৰ এপেক্স বেংক কেলেংকাৰীত সাঙুৰ খোৱাৰ পাছতো ই ডিয়ে তেওঁৰ বিৰূদ্ধে কোনো প্ৰমাণ উলিয়াব নোৱাৰাটোৱে পশ্চিম মহাৰাষ্ট্ৰত তেওঁৰ ভাৱমূতিৰ উন্নত কৰিলে ৷ যি পশ্চিম মহাৰাষ্ট্ৰত বিজেপিৰ উত্থানৰোধত এক উল্লেখনীয় ভূমিকা পালন কৰিলে ৷

5. ইফালে কৃষি খণ্ডত দেখা দিয়া সংকট তথা অস্থিৰতা আছিল এইবাৰৰ নিৰ্বাচনত প্ৰভাৱ পেলোৱা এক অন্যতম কাৰণ ৷ যি সময়ত মহাৰাষ্ট্ৰ খেতিয়ক সকলে লোণ মাফ, দ্ৰব্যৰ উচিত মূল্য আদিকে ধৰি নিজৰ বিভিন্ন দাবীত ৰাজপথলৈ ওলাই আহিছিল সেইসময়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে বিষয়টো গুৰুত্বৰ সহকাৰে নোলোৱাৰ ফলত খেতিয়কসকলক মাজত চৰকাৰ বিৰোধী মনোভাৱ দকৈ গা-কৰি উঠিছিল কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলে তেওঁলোকক সেইবোৰ পাহৰাই অধিক অহংকাৰী কৰি তুলিলে যাৰ ফলস্বৰূপে তেওঁলোকে গ্ৰাম্যাঞ্চল নিজৰ দখলত থকা বুলি এটা ভুল ধাৰণা ললে যি আজিৰ ফলাফলৰ দ্বাৰ ভুল হিচাপে প্ৰতিপন্ন হল ৷

6. অর্থনৈতিক মন্দাৱস্থাও এই বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলোৱা এক অন্যতম কাৰক ৷ ৰাজ্যখনৰ পুনে, নাছিক,ঔৰাংগবাদ আদি চহৰসমূহ, যাক গাড়ী উদ্যোগৰ ঘৰ হিচাপে জনা যায়, অটমবাইল চেক্টৰত হোৱা ব্যাপক চাকৰিকর্তনৰ ফলত বহুতো লোকে নিজৰ চাকৰি হেৰুৱাইছিল কিন্তু এইবোৰ মূল বিষয়ত চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাছিল ৷

7. ওপৰোক্ত কাৰণ সমূহে এইবাৰৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এক বিজেপি বিৰোধী ঢৌৰ সৃষ্টি কৰিছিল সেয়া নিশ্চিত ৷ উদাহৰণস্বৰূপে, আমি নাগপুৰৰ কথা ক'ব পাৰো ৷ নাগপুৰ য'ত আৰ এছ এছৰ মুখ্যকাৰ্যালয় অৱস্থিত ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰী আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাৱিছৰ গৃহ চহৰ ৷ তাতো বিজেপিয়ে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল ৷ নাগপুৰত বিজেপিৰ প্ৰাথীৰ জয়ৰ ব্যৱধান যথেষ্ট কম হোৱাৰ ওপৰিও আৰ এছ এছৰ ঘাটি নাগপুৰত কংগ্ৰেছে দুখনকৈ আসন লাভ কৰিবলৈয়ো সক্ষম হয় ৷

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কালত বিজেপিৰ নেতাসকলে চিঞঁৰি চিঞঁৰি সংবিধানৰ 370 অনুচ্ছেদ বাতিলৰ কথা কৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছিল ৷ সাংবাদ মাধ্যম তথা বিৰোধী দলে বিজেপিক যেতিয়া ৰাজ্যখনৰ মূল বিষয়সমূহক লৈ নিৰ্বাচন খেলিবলৈ আহব্বান জনাইছিল তেতিয়া কিন্তু গেৰুৱা দলৰ ফালৰ পৰা 370 অনুচ্ছেদ বাতিলৰ বিষয়কে গুৰুত্ব দিয়াৰ কথা স্পষ্ট কৰা হৈছিল ৷ কিন্তু সদ্যঘোষিত ফলাফলে যেন উটুৱাই নিলে বিজেপিৰ এই সমষ্ট গর্ব-অহংকাৰ ৷ এই নিৰ্বাচনত সঠিক বিষয়ত অগ্ৰাধিকাৰ দিয়াত কৰবাত যেন বেয়াকৈ ব্যর্থ হৈ ৰল ভাৰতীয় জনতা পাৰ্টী ৷

Intro:Body:

Editorial

Conclusion:
Last Updated : Oct 25, 2019, 11:36 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.