ETV Bharat / bharat

মুম্বাইৰ নাগপাৰাস্থিত চিটি চেণ্টাৰ মলত অগ্নিকাণ্ড - চিটি চেণ্টাৰ মল

মুম্বাইৰ মাজভাগত অৱস্থিত চিটি চেণ্টাৰ মলত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 8.53 বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক আহত হোৱাৰ তথ্য বৰ্তমানলৈ পোৱা নাই ৷ লগতে অগ্নিকাণ্ডৰ কাৰণো বৰ্তমানলৈ জানিব পৰা যোৱা নাই বুলি উল্লেখ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে ৷

মুম্বাইৰ নাগপাৰাস্থিত চিটি চেণ্টাৰ মলত অগ্নিকাণ্ড

author img

By

Published : Oct 23, 2020, 8:33 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: বৃহস্পতিবাৰে নিশা মুম্বাইৰ এটা মলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি, অগ্নিকাণ্ডৰ ফলত কোনো লোক আহত হোৱাৰ তথ্য বৰ্তমানলৈ পোৱা নাই ৷

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মচে, মুম্বাইৰ মাজভাগত অৱস্থিত চিটি চেণ্টাৰ মলত সন্ধিয়া প্ৰায় 8.53 বজাত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ বৰ্তমানেও জানিব পৰা যোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ শুকুৰবাৰে পুৱা পৰ্যন্ত মলটোত অব্যাহত আছে অগ্নি নিৰ্বাপন অভিযান ৷

বহু কেইগৰাকী বিষয়াকে ধৰি অগ্নিনিৰ্বাপন বাহিনীৰ 250 গৰাকী কৰ্মচাৰীয়ে অগ্নি নিৰ্বাপন অভিযান চলায় ৷ অগ্নি নিৰ্বাপনৰ বাবে 50 খন অগ্নিনিৰ্বাপন বাহনৰ লগতে 24 টাকৈ ইঞ্জিন আৰু বহুকেইটা জাম্ব' টেংক ব্যৱহাৰ কৰা হৈছে ৷

স্থানীয় জানিবলৈ দিয়ে যে, মলটোত বিশেষকৈ মোবাইল ফোনৰ সামগ্ৰীসমূহ বিক্ৰী কৰা হয় ৷ মুম্বাই নগৰ পৌৰ নিগমে উল্লেখ কৰা অনুসৰি, মলটোৰ সমীপত থকা এটা 55 মহলীয়া অট্টালিকাৰ পৰা সকলো লোককে আন স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷

লগতে পঢ়ক: কেৰালাৰ কোঝিকোডত দুমহলীয়া অট্টালিকা খহি এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.