নতুন দিল্লী, ৪ জুনঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাণকাৰী প্ৰতিস্থান মাৰুতি ছুজুকিয়ে নিৰ্মাণ কৰি উলিয়াইছে ইয়াৰ প্ৰথমখন বাহন । মাৰুতি ছুজুকিৰ নতুন সংস্কৰণ 'হেল্থ এণ্ড হাইজিন' শীৰ্ষক বাহনখনত সংযোজন কৰা হৈছে ফেছ ছিল্ড, মাস্ক, হেণ্ড গ্ল'ভছ, শ্ব' কভাৰ, প্ৰটেকটিভ ছান গ্লাছৰ লগতে সকলো প্ৰয়োজনীয় সামগ্ৰী ।
মাৰুতি ছুজুকিৰ এই নতুন বাহনখনৰ ভিতৰ ফালে পৰিস্কাৰ কৰি ৰখাৰ লগতে পৰীক্ষণমূলকভাৱে কেবিন বিভাজনৰো ব্যৱস্থা কৰা হৈছে । বাহনখনত সংযোজন কৰা সকলো সামগ্ৰী বজাৰত মাত্ৰ ১০ টকাৰ পৰা ৬৫০ টকাৰ ভিতৰত উপলব্ধ ।
লগতে চাওকঃ ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক পৰিস্থিতি...