ETV Bharat / bharat

কোৱাৰেন্টাইনত থকা ব্যক্তিৰ আত্মহত্যা - কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

বিনোদভাই পুৰুষোত্তমভাই চৌৰাছিয়া নামৰ ব্যক্তিগৰাকীক 14 দিনৰ বাবে আছুতীয়াকৈ থকাৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু লোকজনে আত্মহত্যা কৰে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

Man in quarantine commits suicide in Gujarat

author img

By

Published : Apr 4, 2020, 4:49 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : গুজৰাটৰ পালনপুৰৰ এগৰাকী 42 বছৰীয়া ব্যক্তিক 14 দিনৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখাৰ মাজতে তেওঁ আত্মহত্যা কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ বিনোদভাই পুৰুষোত্তম চৌৰাছিয়া নামৰ লোকজনক যোৱা 20 মাৰ্চত কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছিল ৷ আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে লোকজনৰ কোৱাৰেন্টাইনৰ সময়সীমাৰ অন্ত পৰে আৰু চিকিৎসকৰ পৰীক্ষাত কৰ'ণাৰ উপস্থিতি ধৰা নপৰে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, পৰিয়ালৰ বিভিন্ন কন্দল আৰু সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছিল ব্যক্তিগৰাকী ৷ চৌৰাছিয়াৰ মৌবি জিলাত ব্যৱসায় আছিল আৰু তেওঁৰ পৰিয়াল আছিল পালনপুৰত ৷ কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশজুৰি ঘোষণা কৰা লক্ ডাউনৰ সময়ত তেওঁ ঘৰলৈ উভতি আহিছিল আৰু স্বাস্থ্যবিভাগে তেওঁক কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল ৷

বিনোদে নিজৰ ঘৰৰ ওপৰ মহলাত চীপ লৈ আত্মহত্যা কৰে ৷ তেওঁৰ পৰিয়ালত আছিল পত্নী, দুগৰাকী কন্যা আৰু এটি পুত্ৰ ৷ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে : YouTube ত চাই চাই সুৰা প্ৰস্তুত কৰি আটক ৪ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.