ETV Bharat / bharat

30 এপ্ৰিললৈ পশ্চিমবংগত লকডাউনৰ সময়সীমা বৃদ্ধি

author img

By

Published : Apr 11, 2020, 9:30 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ পাচত পশ্চিমবংগতো লকডাউনৰ সময়সীমা বৃদ্ধিৰ ঘোষণা ৷ মমতা বেনাৰ্জীয়ে কৰিলে ঘোষণা ৷

30 এপ্ৰিললৈ পশ্চিমবংগত লকডাউনৰ সময়সীমা বৃদ্ধি
মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, 11 এপ্ৰিল : পশ্চিমবংগ চৰকাৰে শনিবাৰে লকডাউনৰ সময়সীমা 30 এপ্ৰিললৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷

ৰাজ্যিক সচিবালয়ত সংবাদ মাধ্য়মৰ আগত এই ঘোষণা কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বেনাৰ্জীয়ে কয়, "প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে লকডাউন 30 এপ্ৰিললৈ বৃদ্ধি কৰা হ'ব ৷ সেয়েহে ময়ো 30 এপ্ৰিললৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"

উল্লেখ্য যে, 24 মাৰ্চৰ পৰা ভাৰতত লকডাউন ঘোষণা কৰা হৈছিল ৷ পূৰ্বে 14 এপ্ৰিলত এই লকডাউন অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল ৷

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙত অংশগ্ৰহণৰ পাচতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মন্তব্য কৰিছিল যে অন্য একো উপায় নথকাৰ বাবে 30 এপ্ৰিললৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হ'ব ৷

থাকৰেই লগতে জানিবলৈ দিয়ে যে, সময়সীমা বৃদ্ধি কৰিলেও ৰাজ্যৰ কিছু অঞ্চলত লকডাউন অলপ শিথিল কৰি দিয়া হ'ব আনহাতে কিছু অঞ্চলত কঠোৰ কৰি ৰখা হ'ব ৷

উল্লেখ্য় যে, বৰ্তমানলৈকে সময়সীমা 30 এপ্ৰিললৈ বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা মহাৰাষ্ট্ৰ, ওড়িশা আৰু পাঞ্জাৱে কৰিছে ৷

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.