নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ মহামাৰী COVID-19 সম্বন্ধীয় পৰীক্ষা জনসাধাৰণৰ বাবে কম মূল্য তথা সহজলভ্য কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ । COVID-19ৰ পৰীক্ষাৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰা তথা চিকিৎসা ব্যৱস্থাত সংকট সৃষ্টি হোৱা বাবেই এই নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।
আদালতে Rare Metabolics and Aark Pharmaceutical ৰ ওপৰত শুনানি গ্ৰহণ কৰা সময়তে এই নিৰ্দেশ প্ৰদান কৰে ।
আনহাতে, বিচাৰপীঠ নজমী ৱাজিৰীয়ে COVID-19 ৰ অত্যাৱশ্য়কীয় সামগ্ৰীৰ যোগান ধৰা তিনিটাকৈ কোম্পানীক চীনৰ পৰা ১০ লাখ টকাৰ পৰীক্ষাৰ বাবে কীট আমদানি কৰি জিএছটি সহিতে প্ৰায় ৪০০ টকাৰ মূল্যত প্ৰতিটো কীট বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ।