ETV Bharat / bharat

ভাৰতৰ বাবে চন্দ্ৰযান অভিযান-2 বৃহৎ সাফল্য

author img

By

Published : Aug 20, 2019, 5:01 PM IST

মঙলবাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয় স্বদেশীয় প্ৰযুক্তিৰে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা ভাৰতৰ চন্দ্ৰযান দ্বিতীয়ই ৷ চন্দ্ৰযানৰ সফলতাৰ পিচতেই ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ কে শিভনে ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ কে শিভন

নিউজ ডেস্ক, 20 আগষ্টঃ মঙলবাৰে সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই ৷ মঙলবাৰে ভাৰতীয় সময় অনুসৰি,ৰাতিপুৱা 9.02 বজাত লুনাৰ অৰবিট ইনছাৰ্টেশ্বন (Lunar Orbit Insertation) সফলতাৰে সমাপন কৰি কক্ষপথত অৱতৰণ কৰে চন্দ্ৰযান দ্বিতীয়ই ৷ 114 কিলোমিটাৰ X 18,072 কিলোমিটাৰ কক্ষপথত প্ৰৱেশৰ সমগ্ৰ প্ৰক্ৰিয়াটোত 1,738 ছেকেণ্ড সময় লয় চন্দ্ৰযান ৷ ইছৰোৱে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান দ্বিতীয়ই ইয়াৰ পৰৱৰ্তী কক্ষপথ ঘূৰ্ণন বুধবাৰে দিনৰ 12.30 বজাৰ পৰা 1.30 বজাৰ ভিতৰত সম্পন্ন কৰিব ৷

চন্দ্ৰযানৰ এই সফলতাৰ পিচতেই ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ কে শিভনে ৷ ভাৰতৰ বহুচৰ্চিত তথা অভিলাষী মানৱবিহীন চন্দ্ৰ অভিযানৰ সফলতাক লৈ যথেষ্ট অত্যুৎসাহী হৈ পৰা পৰিলক্ষিত হয় ইছৰোৰ অধ্যক্ষগৰাকীক ৷ সমগ্ৰ অভিযানটোৰ বৰ্তমানৰ সফলতাক লৈ যথেষ্ট সুখী বুলি কয় অধ্যক্ষ ডঃ কে শিভনে ৷ ভাৰতৰ বাবে ছেপ্তেম্বৰ মাহৰ 7 তাৰিখ এটা "D-Day" বুলি উল্লেখ কৰি চন্দ্ৰপৃষ্ঠত অৱতৰণৰ সময়টো ইছৰোৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিব পাৰে বুলি কয় ডঃ শিভনে ৷

উল্লেখ্য যে,সমগ্ৰ অভিযানটো ইছৰোৰ মিছন অপাৰেশ্যন কমপ্লেক্স (Mission Operations Complex; MOX)ৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে ৷ বেংগালুৰুস্থিত ট্ৰেকিং এণ্ড কামাণ্ড নেটৱৰ্ক (Tracking and Command Network; ISTRAC)ৰ দ্বাৰা চন্দ্ৰযানৰ সৈতে যোগাযোগ স্থাপন কৰি থকা হৈছে আৰু যোগাযোগ প্ৰক্ৰিয়াত সহায় কৰিছে কৰ্নাটকৰ বাইলালুস্থিত ইণ্ডিয়ান ডীপ স্পেচ নেটৱৰ্ক (Indian Deep Space Network; IDSN)ৰ এন্টেনাই ৷

আৰু পঢ়কঃ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিলে চন্দ্ৰযান 2

জুলাই মাহৰ 22 তাৰিখে জিএছএলভি মাৰ্ক তৃতীয় (Geosynchronous Satellite Launch Vehicle-Mark III; GSLV Mk III) ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল চন্দ্ৰযান দ্বিতীয় ৷ চন্দ্ৰযান দ্বিতীয়ক তিনিটা ভাগত বিভক্ত কৰি মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ প্ৰথমটো 2,379 কিলোগ্ৰাম ওজনৰ সৈতে অৰবিটাৰ,দ্বিতীয়টো 1,471 কিলোগ্ৰাম ওজনৰ সৈতে লেণ্ডাৰ বিক্ৰম আৰু তৃতীয়টো 27 কিলোগ্ৰাম ওজনৰ ৰোভাৰ প্ৰজ্ঞান ৷ চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লত প্ৰৱেশ কৰাৰ পূৰ্বেই চন্দ্ৰযানে আৰ্থ বাউণ্ড মেনুওভাৰ,ট্ৰানছ লুনাৰ ইনছাৰ্টেশ্বন,লুনাৰ বাউণ্ড মেনুওভাৰকে ধৰি বহুকেইটা ঘূৰ্ণন সম্পন্ন কৰিব ৷

Intro:Body:

ভাৰতৰ বাবে চন্দ্ৰযান দ্বিতীয় বৃহৎ আৰু সফল প্ৰাপ্তি 

মঙলবাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয় স্বদেশীয় প্ৰযুক্তিৰে ইছৰোই মহাকাশলৈ প্ৰেৰণ কৰা ভাৰতৰ চন্দ্ৰযান দ্বিতীয়ই ৷ চন্দ্ৰযানৰ সফলতাৰ পিচতেই ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ কে শিভনে ৷ 

নিউজ ডেস্ক, 20 আগষ্টঃ মঙলবাৰে সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই ৷ মঙলবাৰে ভাৰতীয় সময় অনুসৰি, ৰাতিপুৱা 9.02 বজাত লুনাৰ অৰবিট ইনছাৰ্টেশ্বন (Lunar Orbit Insertation) সফলতাৰে সমাপন কৰি কক্ষপথত অৱতৰণ কৰে চন্দ্ৰযান দ্বিতীয়ই ৷ 114 কিলোমিটাৰ X 18,072 কিলোমিটাৰ কক্ষপথত প্ৰৱেশৰ সমগ্ৰ প্ৰক্ৰিয়াটোত 1,738 ছেকেণ্ড সময় লয় চন্দ্ৰযান ৷ ইছৰোৱে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান দ্বিতীয়ই ইয়াৰ পৰৱৰ্তী কক্ষপথ ঘূৰ্ণন বুধবাৰে দিনৰ 12.30 বজাৰ পৰা 1.30 বজাৰ ভিতৰত সম্পন্ন কৰিব ৷

চন্দ্ৰযানৰ এই সফলতাৰ পিচতেই ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ কে শিভনে ৷ ভাৰতৰ বহুচৰ্চিত তথা অভিলাষী মানৱবিহীন চন্দ্ৰ অভিযানৰ সফলতাক লৈ যথেষ্ট অত্যুৎসাহী হৈ পৰা পৰিলক্ষিত হয় ইছৰোৰ অধ্যক্ষগৰাকীক ৷ সমগ্ৰ অভিযানটোৰ বৰ্তমানৰ সফলতাক লৈ যথেষ্ট সুখী বুলি কয় অধ্যক্ষ ডঃ কে শিভনে ৷ ভাৰতৰ বাবে ছেপ্তেম্বৰ মাহৰ 7 তাৰিখ এটা "D-Day" বুলি উল্লেখ কৰি চন্দ্ৰপৃষ্ঠত অৱতৰণৰ সময়টো ইছৰোৰ বাবে প্ৰত্যাহ্বানমুলক হৈ পৰিব পাৰে বুলি কয় ডঃ শিভনে ৷ 

উল্লেখ্য যে, সমগ্ৰ অভিযানটো ইছৰোৰ মিছন অপাৰেশ্বন কমপ্লেক্স (Mission Operations Complex; MOX)ৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে ৷ বেংগালুৰুস্থিত ট্ৰেকিং এণ্ড কামাণ্ড নেটৱৰ্ক (Tracking and Command Network; ISTRAC)ৰ দ্বাৰা চন্দ্ৰযানৰ সৈতে যোগাযোগ স্থাপন কৰি থকা হৈছে আৰু যোগাযোগ প্ৰক্ৰিয়াত সহায় কৰিছে কৰ্নাটকৰ বাইলালুস্থিত ইণ্ডিয়ান ডীপ স্পেচ নেটৱৰ্ক (Indian Deep Space Network; IDSN)ৰ এন্টেনাই ৷ 

জুলাই মাহৰ 22 তাৰিখে জিএছএলভি মাৰ্ক তৃতীয় (Geosynchronous Satellite Launch Vehicle-Mark III; GSLV Mk III) ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল চন্দ্ৰযান দ্বিতীয় ৷ চন্দ্ৰযান দ্বিতীয়ক তিনিটা ভাগত বিভক্ত কৰি মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ প্ৰথমটো 2,379 কিলোগ্ৰাম ওজনৰ সৈতে অৰবিটাৰ, দ্বিতীয়টো 1,471 কিলোগ্ৰাম ওজনৰ সৈতে লেণ্ডাৰ বিক্ৰম আৰু তৃতীয়টো 27 কিলোগ্ৰাম ওজনৰ ৰোভাৰ প্ৰজ্ঞান ৷ চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লত প্ৰৱেশ কৰাৰ পূৰ্বেই চন্দ্ৰযানে আৰ্থ বাউণ্ড মেনুওভাৰ, ট্ৰানছ লুনাৰ ইনছাৰ্টেশ্বন, লুনাৰ বাউণ্ড মেনুওভাৰকে ধৰি বহুকেইটা ঘূৰ্ণন সম্পন্ন কৰিব ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.