নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : বিশ্ববাসীৰ বাবে এক সু-খবৰ ৷ সৰু সৰু উপগ্ৰহ তৈয়াৰ কৰি অহা ‘মেন কোম্পানীয়ে’ দেওবাৰে এক উপগ্ৰহ পৰীক্ষণৰ কাম সম্পূৰ্ণ কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ‘‘Brunswick-based bluShift Aerospace’’ নামৰ এক কোম্পানীয়ে এক উপগ্ৰহ উৎক্ষেপণ কৰিছে, যিয়ে প্ৰথম ৰাণত 4,000 ফুট (1,219 মিটাৰ)তকৈ অলপ বেছি আৰু উচ্চতাত প্ৰায় 20 ফুট (6 মিটাৰ) লৈকে গতি কৰিছে৷ ফালমাউথ হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে এই উপগ্ৰহটো এক প্ৰকল্প হিচাপে লৈ কাম কৰিছিল ৷ যি বেৰ’মিটাৰৰ চাপ আৰু এক বিশেষ মিশ্ৰিত ধাতুৰ দ্বাৰা পৰীক্ষণ কৰা হৈছিল ৷
‘BluShift’ ৰ মুখ্য কাৰ্যবাদী অধিকাৰী সাশা ডেৰীয়ে মন্তব্য কৰিছে যে,মহাকাশত উপগ্ৰহ উৎক্ষেপণ কৰা এই পদ্ধতি অধিক সুবিধাজনক ৷ মহাকাশত এনে ধৰণৰ বহু কোম্পানীয়ে আছে,যিয়ে এক মালবাহী গাড়ীৰ দৰে কাম কৰি আহিছে ৷ মহাকাশত এই মালবাহী গাড়ীৰ জৰিয়তে ভূ-পৃষ্ঠৰ পৰা মহাকাষলৈ কিছু প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰাত সুবিধাজনক ব্যৱস্থা হিচাপে বিবেচিত হ’ব ৷
‘BluShift’ৰ প্ৰতিনিধি সকলৰ মতে,ভৱিষ্যতে মহাকাশলৈ এই মালবাহী যানৰ জৰিয়তে সামগ্ৰী প্ৰেৰণ কৰাটো কিমান সফলতা লাভ কৰিব সেয়া বৰ্তমান অনুমান কৰাটো অসম্ভৱ ৷ উল্লেখ্য যে,এই বিশেষ উপগ্ৰহ উৎক্ষেপণৰ জৰিয়তে বিশেষকৈ মহাকাশচাৰী সকল উপকৃত হ’ব বুলি আশা কৰিব পাৰি ৷
লগতে পঢ়ক : বাজেটত কি কি থাকিব,কি কি নাথাকিব LIVE