নেশ্যনেল ডেস্ক, 30 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে শনিবাৰে অনুষ্ঠিত হৈ যায় আস্থা ভোট ৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নেতৃত্বধীন মহাবিকাশ আঘাড়ী চৰকাৰে আস্থাভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷
শিৱসেনা-এনচিপি আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাবিকাশ আঘাড়ী চৰকাৰে সৰ্বমুঠ 169 টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে আস্থা ভোট চলি থকাৰ সময়তে ইয়াক অবৈধ আৰু অসাংবিধানিক আখ্যা দি সদন ত্যাগ কৰে বিৰোধীয়ে ৷ এই বিষয়ে ৰাজ্যপালক পত্ৰযোগে সদনৰ প্ৰক্ৰিয়া বাতিল কৰিবলৈ অনুৰোধ জনোৱাৰ কথা প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ডেভেন্দ্ৰ ফাড়নাবিচে ৷
উল্লেখ্য যে,শনিবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত 4 টাকৈ নিৰপেক্ষ ভোটদান হয় ৷ এ আই আই এম দলৰ 2টা, এটা চিপিআইএম আৰু এটা এমএনএছ বিধায়কৰ ভোট নিৰপেক্ষ হিচাপে প্ৰদান হয় ৷
লগত পঢ়কঃছচিয়েল মিডিয়াৰ এটা ভাল খবৰ