ETV Bharat / bharat

1 ডিচেম্বৰত শক্তি প্ৰদৰ্শন কৰিব 'মহা বিকাশ আগহাধী' মিত্ৰজোঁটে

মহাৰাষ্ট্ৰত সাংবিধানিক অচলাৱস্থাৰ অন্ত ৷ 28 নৱেম্বৰত মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব কংগ্ৰেছ-এনচিপি-শিৱসেনা সমৰ্থিত শিৱসেনা প্ৰধান উদ্বৱ থাকৰে ৷ নৱগঠিত 'মহা বিকাশ আগহাধীৰ নেতৃত্ব উদ্বৱ থাকৰে প্ৰদান কৰিব বুলি মন্তব্য এন চি পি প্ৰধান শাৰদ পাৱাৰৰ ৷

'Maha Vikas Aghadi' govt to be sworn-in on Nov 28, Uddhav to lead alliance: Sharad Pawar
'মহা বিকাশ আগহাধী' মিত্ৰজোঁটে 1 ডিচেম্বৰত শক্তি প্ৰদৰ্শন কৰিব আৰু উদ্বৱ থাকৰে মিত্ৰজোঁটৰ নেতৃতৃত থাকিব: শাৰদ পাৱাৰ
author img

By

Published : Nov 27, 2019, 3:50 AM IST

Updated : Nov 27, 2019, 4:40 PM IST

মুম্বাই, 26 নৱেম্বৰঃ বহু প্ৰত্যাশিত মহাৰাষ্ট্ৰ নতুন ৰাজ্য চৰকাৰ গঠনৰ ক্ষেত্ৰত দেখা দিয়া সাংবিধানিক অচলাৱস্থাৰ অন্ত পৰাটো নিশ্চিত হৈছে ৷ 23 নৱেম্বৰৰ পুৱা আকস্মিকভাৱে ৰাজ্যপালৰ আমন্ত্ৰণমৰ্মে দেৱেন্দ্ৰ ফাড়নাবিচ আৰু এন চি পি নেতা অজিত পাৱাৰে ক্ৰমে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা 3 দিন অতিক্ৰম নহওতেই মঙলবাৰে সংখ্যাগৰিষ্ঠতাৰ অভাৱত নিজ নিজ পদৰ পৰা নেতাদ্বয়ে পদত্যাগ কৰে ৷ ইফালে কংগ্ৰেছ-এনচিপি-শিৱসেনাই দাখিল কৰা এক লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ফাড়নাবিচ আৰু অজিত পাৱাৰক বুধবাৰৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ জাৰি কৰিছিল ৷ অৱশ্যে নিৰ্দিষ্ট ধাৰ্য কৰা সময়ৰ পূৰ্বেই সংখ্যাৰ খেলত আসন্ন পৰাজয়ৰ কথা অনুমান কৰি মঙলবাৰে পদত্যাগ কৰে নেতাদ্বয়ে ৷

ইফালে নৱগঠিত শিৱসেনা-কংগ্ৰেছ-এন চি পি মিত্ৰজোঁট অৰ্থাৎ 'মহা বিকাশ আগহাধী'য়ে 1 ডিচেম্বৰত সদনত সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে ৷ নেতাগৰাকীয়ে লগতে কয়,"মহা বিকাশ আগহাধী" মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰতিনিধিয়ে আজি ৰাজ্যপালক সাক্ষাৎ কৰে ৷ তিনিও দলৰ সিদ্ধান্ত মৰ্মে অহা 1 ডিচেম্বৰত মুম্বাইৰ শিৱাজী পাৰ্কত শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হ'ব ৷"

মুম্বাইৰ এখন বহুতাৰকাযুক্ত হোটেলত মিত্ৰজোঁটৰ সদস্যসকলৰ সৰ্বসন্মতিমৰ্মে শিৱসেনাৰ উদ্বৱ থাকৰেক "মহা বিকাশ আগহাধী"ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে নিৰ্বাচিত কৰা হয় ৷ আনহাতে কংগ্ৰেছ নেতা বালাচাহেব থাৰোতক বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচন কৰা হয় ৷

মুন্বাইত এক গণ সমাৱেশক সম্বোধন কৰি শিৱসেনা প্ৰধান উদ্বৱ থাকৰেই কয়,"মই কোনোদিনেই এই ৰাজ্যৰ নেতৃত্ব বহন কৰিম বুলি সপোন দেখা নাছিলো ৷ এই আপাহতে মই শ্ৰীমতী ছোনিয়া গান্ধীৰ লগতে বাকী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ৷ আমি দেশক আমাৰ মাজত এক পাৰস্পৰিক বিশ্বাসেৰে এক নতুন দিশ প্ৰদান কৰিবলৈ সক্ষম হম ৷"

আৰু পঢ়ক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ

Intro:Body:Conclusion:
Last Updated : Nov 27, 2019, 4:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.