ETV Bharat / bharat

মহাৰাষ্ট্ৰ ৰাষ্ট্ৰপতি শাসনঃ অধিক জটিল হৈ পৰিছে ৰাজনৈতিক সমীকৰণ

author img

By

Published : Nov 13, 2019, 12:46 AM IST

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাক লৈ মঙলবাৰে এন চি পি আৰু কংগ্ৰেছৰ যুটীয়া বৈঠক ৷ ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ পিছতে অনুষ্ঠিত হয় বৈঠকখন ৷ সংবাদ মাধ্যমক জ্যেষ্ঠ এন চি পি নেতা প্ৰফুল্ল পেটেলে জনাই যে এন চি পি আৰু কংগ্ৰেছৰ নেতাসকলৰ মাজত মঙলবাৰে এক বৈঠক অনুষ্ঠিত হয় ৷ তেওঁ লগতে জনাই যে, শিৱ সেনায়ে তেওঁলোকক অনুষ্ঠানিকভাবে 11 নৱেম্বৰৰ দিনা সমৰ্থনৰ বাবে যোগাযোগ কৰিছিল ৷ তেওঁ জনাই যে, সমগ্ৰ ঘটনাৰ ওপৰত আলোচনা কৰিহে দুয়ো দলে সিদ্ধান্ত ল’ব ৷

মহাৰাষ্ট্ৰত অধিক জটিল হৈ পৰিছে ৰাজনৈতিক সমিকৰণ

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাক লৈ মঙলবাৰে এন চি পি আৰু কংগ্ৰেছৰ যুটীয়া বৈঠক ৷ ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ পিছতো অনুষ্ঠিত হয় বৈঠকখন ৷ সংবাদ মাধ্যমক জ্যেষ্ঠ এন চি পি নেতা প্ৰফুল্ল পেটেলে জনাই যে, এন চি পি আৰু কংগ্ৰেছৰ নেতাসকলৰ মাজত মঙলবাৰে এক বৈঠক অনুষ্ঠিত হয় ৷ তেওঁ লগতে জনাই যে শিৱ সেনায়ে তেওঁলোকক আনুষ্ঠানিকভাবে 11 নৱেম্বৰৰ দিনা সমৰ্থনৰ বাবে যোগাযোগ কৰিছিল ৷ তেওঁ জনাই যে সমগ্ৰ ঘটনাৰ ওপৰত আলোচনা কৰিহে দুয়ো দলে সিদ্ধান্ত ল’ব ৷

ইপিনে কংগ্ৰেছ নেতা আহমেদ পেটেলে ৰাজ্যখনৰ ওপৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা কথাক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰিছে ৷ বিগত পাচঁ বছৰত বহু কেইবাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰা হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ৷ তেওঁ লগতে ৰাজ্যপালে কংগ্ৰেছ দলক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ নজনোৱাৰ কথাটোকো সমালোচনা কৰে ৷

চৰকাৰ গঠন কৰিবলৈ উমৈহতীয়া নূন্যতম কাৰ্য আঁচনি আলোচনা কৰিহে কোনো সিদ্ধান্তত উপনীত হ’ব এন চি পি-কংগ্ৰেছ ৷ মঙলবাৰে এই কথা প্ৰকাশ কৰে এন চি পি নেতা শাৰদ পাৱাৰে ৷ তেওঁ লগতে কয় যে, চৰকাৰ গঠন কৰিবলৈ খৰধৰ নকৰে এন চি পিয়ে ৷

এই বৈঠকৰ পিছতে শিৱ সেনা প্ৰমুখ উদ্ধৱ ঠাকৰে জনাই যে, তেওঁৰ দলে এন চি পি-কংগ্ৰেছৰ লগত চৰকাৰ গঠনৰ বাবে 11 নৱেম্বৰত যোগাযোগ কৰিছিল ৷ তেওঁ লগতে জনাই যে, ৰাজ্যপালে বিজেপিক বান্ধি দিয়া সময়সীমাৰ পূৰ্বেই তেওঁৰ দলৰ লগত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল ৷ তেওঁ লগতে কয় যে শিৱ সেনায়ে এন চি পি-কংগ্ৰেছৰ লগত আলোচনাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিব ৷ তেওঁ লগতে বিজেপিক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে ৷ মুখ্যমন্ত্ৰী শিৱ সেনাৰ হ’ব বুলি নিৰ্বাচনৰ পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছিল ৷ ঠাকৰে লগতে জানিবলৈ দিয়ে যে মিত্ৰতা শিৱ সেনায়ে ভংগ নাই কৰা বিজেপিয়ে কৰিছে ৷

শেহতীয়া খবৰ অনুসৰি বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিব ৷ এই মন্তব্য বিজেপি নেতা নাৰায়ণ ৰানেৰ ৷ তেওঁ কয় যে দেৱেন্দ্ৰ ফাডনভিজে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিছে ৷ ইয়াৰ লগতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাটো দুৰ্ভাগ্যজনক ৷ বিজেপিয়ে শিৱ সেনাৰ আকোঁৰগোজ মনোভাৱৰ বাবেই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰিব লগা হৈছে ৷

ইপিনে চিপিআই(এম) নেত্ৰী ব্ৰিন্দা কাৰাটে কয় যে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাটো অসাংবিধানিক ৷

Intro:Body:

MAHARASTRA POLITICS

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.