নিউজ ডেস্ক , ১৪ মাৰ্চ : মধ্যপ্ৰদেশত বুধবাৰে বিজেপি ৰাজ্য সভাৰ সাংসদ চম্পতিয়া উইকৰ পুত্ৰ সত্যেন্দ্ৰ সহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় । হেৰোইন (ড্ৰাগ্ছ) ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক ।
আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে ৩.৩৮০ গ্ৰাম ওজনৰ ৪১ পেকেট ড্ৰাগ্ছ জব্দ কৰে । ধৃত লোক কেইজন ক্ৰমে সত্যেন্দ্ৰ , শ্বাহৰুখ আৰু অভিষেক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।