নেশ্যনেল ডেস্ক, ১২ জুন: মধ্য প্ৰদেশৰ ভূপাল চহৰৰ এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ । মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত ভূপাল চহৰত বিনামূলীয়াকৈ চেনিটাইজাৰ প্ৰদান কৰি ভূপালবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰে বিজয় আয়াৰ নামৰ লোকজনে । ভূপালৰ জামালপুৰাৰ নিৱাসী বিজয় আয়াৰে সমগ্ৰ ভূপাল চহৰত বিশেষকৈ কণ্টেইনমেণ্ট জ'নত চেনিটাইজাৰ প্ৰদান কৰে ।
মধ্য প্ৰদেশৰ বিভিন্ন অঞ্চললৈ অহা-যোৱা কৰা আয়াৰে বিদ্যুতৰ কাম কৰাৰ লগতে তেওঁ চকা মেৰামতিৰ দোকানো চলায় । তেওঁ কয় যে, দেউতাক আৰু ককাকৰ দৰে বিজয় আয়াৰেও ভাৰতীয় সেনা বিভাগত কাম কৰাৰ ইচ্ছা পুহি ৰাখিছিল । কিন্তু ঘৰৰ একমাত্ৰ সন্তান হোৱা হেতুকে মাকে তেওঁক সেনা বিভাগত কাম কৰাৰ অনুমতি প্ৰদান নকৰিলে ।
সমাজৰ সেৱা কৰি ভালপোৱা আয়াৰে কোভিড-১৯ সংক্ৰমণৰ বেলিকা মানৱ সেৱা কৰাৰ সুবিধা পালে । তেওঁ চ'ছিয়েল মিডিয়াযোগে বিনামূলীয়া চেনিটাইজাৰ প্ৰদানৰ কথা প্ৰচাৰ কৰে । চ'ছিয়েল মিডিয়াৰ পৰা কিছু লোকে গম পোৱাৰ পিছত সমগ্ৰ ভূপাল চহৰতে এই বাৰ্তা বিয়পি পৰে আৰু আয়াৰলৈ ফোন আহিবলৈ আৰম্ভ কৰে । আয়াৰে মটৰ চাইকেল কিনাৰ বাবে ৭০ হাজাৰ টকা যোগাৰ কৰিছিল যদিও অৱশেষত সেই টকা চেনিটাইজাৰ ক্ৰয়ৰ নামত বিনিয়োগ কৰে ।
আৰ্থিক দিশ সম্পৰ্কত আয়াৰে কয় যে, কৰণা নিৰ্মূলৰ ক্ষেত্ৰত লোৱা এই প্ৰচেষ্টাত বিদেশত থকা তেওঁৰ আত্মীয়ই তেওঁক উৎসাহিত কৰিছে আৰু সহায় আগবঢ়াব আশ্বাস দিয়ে । চকেট নগৰৰ নিৱাসী বিনোদ চীতোকা নামৰ লোকজনে জনোৱা মতে, বিজয় আয়াৰে বিগত মাহত বিনোদসহ চকেট নগৰৰ ৪০ টা পৰিয়ালৰ ঘৰ চেনিটাইজ কৰে । লগতে ‘কোভিড-১৯ যোদ্ধা’ উপাধি পোৱা বিনোদে চহৰখনৰ কণ্টেইনমেণ্ট জন জাহাংগীৰাবাদ অঞ্চলৰো বহুকেইটা পৰিয়ালৰ ঘৰ চেনিটাইজ কৰে ।
লগতে পঢ়ক: মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী