নেশ্যনেল ডেস্ক,২৬আগষ্টঃ ৰায়গড়ৰ পিছত এইবাৰ মধ্য প্ৰদেশত খহি পৰিল ২মহলীয়া অট্টালিকা। ভয়ংকৰ অঘটনত কৰুণ মৃত্যুক সাৱতিলে ২জন লোকে। আনহাতে অট্টালিকাৰ ধ্বংসস্তুপৰ মাজৰ পৰা NDRFৰ দলে ১৬জন লোকক উদ্ধাৰ কৰে। মধ্য প্ৰদেশৰ লাল গে'টৰ ষ্টেশ্যন ৰোডত মঙলবাৰে গধূলি সংঘটিত হয় এই ভয়াৱহ ঘটনা। অতিৰিক্ত আৰক্ষী অধীক্ষ জগদীশ ডাৱৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেৱস ভৱন নামৰ ২মহলীয়া অট্টালিকাটো খহি পৰাত ২জন আবাসীৰ মৃত্যু হয়। ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰা ১৬ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৫বছৰ পূৰ্বে এই অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল । অট্টালিকাটোৰ স্বত্বাধিকাৰী জাকিৰ শ্বেখ। কেইবাদিনো ধৰি বৰষুণ হৈ থকা বাবে ৰাজ্যখনত এনে ঘটনা সংঘটিত হৈছে বুলি প্ৰকাশ কৰিছে NDRFয়ে।
মধ্য প্ৰদেশত অট্টালিকা খহি ২জনৰ মৃত্যু, ধ্বংসস্তুূপৰ পৰা ১৬জনক উদ্ধাৰ - ২মহলীয়া অট্টালিকা
মধ্য প্ৰদেশত ভয়ংকৰ অঘটন। অট্টালিকা খহি প্ৰাণ গ'ল ২জনৰ। মঙলবাৰে দেৱস ভৱন নামৰ অট্টালিকাটো খহি পৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। ধ্বংসস্তুূপৰ মাজৰ পৰা ১৬জন লোকক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।