ETV Bharat / bharat

স্থলসেনাৰ উপ-সেনাধ্যক্ষ মনোনীত লে. জেন. এছ কে চৈনী

author img

By

Published : Jan 18, 2020, 7:31 PM IST

স্থলসেনাৰ উপ সেনাধ্যক্ষৰ পদত নিযুক্ত কৰা হৈছে দেশৰ অন্যতম স্থলসেনা বিষয়া লে. জেন. এছ কে চৈনীক ৷ মনোজ মুকুন্দ নাৰাভানে স্থলসেনাৰ সেনাপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচৰে পৰাই খালী হৈ আছিল উক্ত পদটো ৷

Lt Gen SK Saini to take over as Vice Chief of Army Staff
স্থলসেনাৰ উপ-সেনাধ্যক্ষ মনোনীত লে. জেন. এছ কে চৈনী

নেশ্বনেল ডেস্ক, 18 জানুৱাৰীঃ স্থলসেনাৰ খালী হৈ থকা উপ-সেনাধ্যক্ষৰ পদবীত নিযুক্ত কৰা হৈছে জ্যেষ্ঠ সেনা বিষয়া এছ কে চৈনীক ৷ লে. জেন. এছ কে চৈনী হৈছে দেশৰ প্ৰথমগৰাকী সেনা বিষয়া যাক চীফ অৱ ডিফেন্স ষ্টাফৰ অনুমতি লৈ নিযুক্ত কৰা হৈছে ৷ স্থলসেনাৰ উপ-সেনাধ্যক্ষৰ পদটো জেন. মনোজ মুকুন্দ নাৰাভানে দেশৰ স্থলসেনা প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচৰে পৰাই খালী হৈ আছিল ৷

দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাটে সৈনিক পৰিক্ৰমা বিভাগৰ অধীনত উপ-স্থলসেনাধ্যক্ষক নিযুক্তি প্ৰদান কৰে ৷ সেই অনুসৰি, অহা 25 জানুৱাৰীত দেশৰ উপ-সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব স্থলসেনাৰ ছাউথাৰ্ণ কামাণ্ডৰ জিঅচি-ইন-চি লে. জেন. এছ কে চৈনীয়ে ৷

পঞ্জাৱৰ কাপুৰথালা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ লে. জেন. চৈনীয়ে পুনেস্থিত নেশ্বনেল ডিফেন্স একাডেমি আৰু ডেৰাডুনস্থিত ইণ্ডিয়ান মিলিটাৰী একাডেমিৰো স্নাতক ৷ তেওঁ 1981 চনত স্থলসেনাৰ জাট ৰেজিমেন্টত এগৰাকী সেনা বিষয়া হিচাপে নিযুক্ত হৈছিল ৷ নিজৰ সামৰিক কাৰ্যকালত তেওঁ ৰাষ্ট্ৰসংঘৰ মিছনইৰাক আৰু কুৱেইটচীফ মিলিটাৰী পাৰ্ছনেল অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও মংগোলিয়াগ্লোৱেল পিচ অপাৰেশ্বন ইনিচিয়েটিভ আৰু অষ্ট্ৰেলিয়াসন্ত্ৰাসবাদবিৰোধী অভিযানৰো নেতৃত্ব দিছিল ৷ নিজৰ দীঘলীয়া সৈনিক কাৰ্যকালত জ্যেষ্ঠ সৈন্য বিষয়াগৰাকীয়ে অতি বিশিষ্ট সেৱা মেডেল (AVSM), যুদ্ধ সেৱা মেডেল (YSM), চীফ অৱ আৰ্মী ষ্টাফ কমেণ্ডেশ্বন আৰু আৰ্মী কামাণ্ডাৰ কমেণ্ডেশ্বন লাভ কৰিছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.