ETV Bharat / bharat

ডি. এছ. হুদা (2016 চনৰ ছাৰ্জিকেল ষ্ট্ৰাইকত নেতৃত্ব প্ৰদান কৰা ব্যক্তিগৰাকী), তথ্য, যুদ্ধ আৰু কাশ্মীৰ - সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী আৰু দুৰ্নীতিগ্ৰস্থ ভাৰতীয় ৰাজনেতা

"কোনোৱে কাশ্মীৰ সমস্যাক 'সন্ত্ৰাসবাদ'ৰ বিপৰীতে 'বিদ্ৰোহ' বুলি ভুল ব্যাখ্যা আগবঢ়োৱাৰ আগতে, মই স্পষ্ট কৰি দিও যে, সন্ত্ৰাসবাদ হৈছে বিদ্ৰোহৰ এক অংশ ৷"

2016 চনৰ ছাৰ্জিকেল ষ্ট্ৰাইকত নেতৃত্ব প্ৰদান কৰা ব্যক্তিগৰাকী
ডি এছ হুদা
author img

By

Published : May 17, 2020, 7:56 AM IST

Updated : May 17, 2020, 8:46 AM IST

নিউজ ডেস্ক, 17 মে': প্ৰায়ভাগতে কাশ্মীৰ সমস্যাক পাকিস্তানী স্থলসেনাৰ দ্বাৰা প্ৰশিক্ষিত সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী আৰু দুৰ্নীতিগ্ৰস্থ ভাৰতীয় ৰাজনেতাসকলৰ সকলৰ দ্বাৰা সমৰ্থিত আৰু কিছুমান লক্ষ্যভ্ৰস্ত , হাতত বন্দুক তুলি লোৱা মৌলবাদী চিন্তাৰ স্থানীয় যুৱকৰ দ্বাৰা চলি অহা ছায়া যুদ্ধ বুলিয়ে আখ্যা দিয়া হয় ৷ কাশ্মীৰ সমস্যাক লৈ এই ব্যাখ্যা সম্পূৰ্ণ সঠিক নহ'লেও ইয়াক ভুল বুলিও ক'ব নোৱাৰি ৷

জনতাৰ সমৰ্থন অবিহনে কোনো সশস্ত্ৰ বিদ্ৰোহ 30 বছৰে চলি থাকিব নোৱাৰে ৷ দীৰ্ঘদিনীয়া কাশ্মীৰ সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে আমাৰ ফালৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন দুৰ্বল কৰি দিয়া আৰু হিংসাত্মক ঘটনা ৰোধ কৰাৰ লগতে, আমি অসামৰিক ৰাইজৰ ইচ্ছাকো জয় কৰিব লাগিব ৷ আৰু কোনোৱে কাশ্মীৰ সমস্যাক 'সন্ত্ৰাসবাদ'ৰ বিপৰীতে 'বিদ্ৰোহ' বুলি ভুল ব্যাখ্যা আগবঢ়োৱাৰ আগতে, মই স্পষ্ট কৰি দিও যে, সন্ত্ৰাসবাদ হৈছে বিদ্ৰোহৰ এক অংশ ৷

বিদ্ৰোহক দমন কৰাটো 'হৃদয়-মন'ৰ কাম বুলি সততে উল্লেখ কৰা হয় যদিও দৰাচলতে এই বিদ্ৰোহ দমন কৰাটো হৃদয়ৰ পৰিৱৰ্তে মনৰ ওপৰত অধিক প্ৰভাৱ পেলাবলৈ কৰা হয় ৷ আজিৰ সময়ত, য'ত তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ভুৱা বাতৰিৰ এক বৃহৎ অংশ পৰিলক্ষিত হয়, এনে অৱস্থাত আচল কামটো হৈছে সংকটৰ সময়ত স্থানীয় লোকৰ মনবোৰক পৰিৱৰ্তন কৰা ৷ সন্ত্ৰাসবাদী আৰু চৰকাৰ দুয়োৱে তথ্যগত কূটনীতিৰ সহযোগত জনতাৰ সমৰ্থন লাভ কৰি তেওঁলোকক নিজৰ পক্ষত ৰাখিব বিছাৰে ৷ মিলিটাৰীৰ মাজত ইয়াক, ‘information warfare’ নাইবা ‘battle of the narratives’ বুলি আখ্যা দিয়া হয় ৷

এইখন যুদ্ধত ভুৱা বাতৰিৰ সহায় লোৱা সন্ত্ৰাসবাদীসকলে আগবাঢ়ি থাকে ৷ ৱিইনষ্টন চাৰ্চিলে কোৱাৰ দৰে, সঁচা কথাই সন্মতি পোৱাৰ সময়লৈকে এটা মিছা কথা বিশ্বৰ আধা অংশত বিয়পি পৰে ৷ এই কথা তেতিয়া কোৱা হৈছিল যেতিয়া বিশ্বত ৰেডিঅ' আৰু টেলিগ্ৰাফ যোগাযোগৰ মাধ্যম আছিল ৷ আজিৰ দিনত স্মাৰ্টফোনে যোগাযোগৰ ধাৰণাই সলনি কৰি দিছে ৷ মাছাছ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিয়ে 2018 চনত সম্পন্ন কৰা এক সমীক্ষাত শুদ্ধ আৰু নিকা বাতৰিৰ তুলনাত ভুৱা বাতৰিসমূহ 70শতাংশ অধিক ৰূপত ৰিটুইট কৰা হয় বুলি প্ৰকাশ কৰিছিল ৷ ভুৱা বাতৰি সঁচা আৰু শুদ্ধ বাতৰিৰ তুলনাত ছয়গুণ গতিৰে বিয়পি পৰে ৷

জম্মু-কাশ্মীৰত পাকিস্তানে দুটা ধাৰাত কাম কৰি আহিছে ৷ প্ৰথমে, সন্ত্ৰাসবাদীসকলক হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ পৰা উদ্ভৱ হোৱা বুলি কৈ কাশ্মীৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাগত চিনাকীৰ সমস্যাৰ ত্ৰাণকৰ্তা সজোৱা হয় ৷ দ্বিতীয়তে, কাশ্মীৰীসকলক দমন কৰি ৰখা আৰু সুৰক্ষা বাহিনীৰ দ্বাৰা কাশ্মীৰত মানৱ অধিকাৰ ভংগ হোৱা বুলি প্ৰচাৰ কৰা ৷ ভাৰত চৰকাৰৰ তথ্য আৰু যোগাযোগ কূটনীতিয়ে এই দুয়োটা ধাৰণাৰ বিৰুদ্ধে কাম কৰিব লাগিব ৷

দ্বিতীয়টো ধাৰা সদ্যহতে অধিক সহজ হিচাপে দেখা গৈছে, কিয়নো ইতিমধ্যে সুৰক্ষা বাহিনীসমূহে, বৃহৎ হাৰে এইক্ষেত্ৰত কাম কৰি আছে ৷ যেতিয়াই সন্ত্ৰাসবাদীৰ ওপৰত কাৰ্য সম্পাদন কৰা হয়, তেতিয়া অসামৰিক লোকৰ ক্ষতি নোহোৱা বিষয়টোক অগ্ৰাধিকাৰ প্ৰদান কৰা হয় ৷ যিসকলে সেনাৰ দ্বাৰা অসামৰিক অঞ্চলত বোমা প্ৰদানৰ কথা কয় তেওঁলোকৰ কথাত গুৰুত্ব প্ৰদান নকৰাটো বেছি ভাল ৷ নিৰাপত্তা বাহিনীৰ অধিক ব্যৱহাৰে, সাধাৰণ জনতাৰ পৰা সন্ত্ৰাসবাদী সংগঠনত অধিক লোক যোগদান কৰাত বেছি সহায় কৰে ৷

কিছুমান সংগঠনে ভাৰতে মানৱ অধিকাৰৰ সৈতে অধিক তৰলতাৰে কাম কৰে বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷ ৰাষ্ট্ৰীয় সুৰক্ষাক যিদৰে একাষৰীয়া কৰিব নোৱাৰি তেনেদৰে ৰাইজৰ মতামতো আমি বন্ধ কৰি ৰাখিব নোৱাৰো ৷ এই সকলো দিশত মুকলিকৈ চৰ্চা আৰম্ভ কৰিলে ইয়াৰ দ্বাৰা চৰকাৰৰে লাভ হোৱাৰ লগতে বিশ্বাসযোগ্যতা বৃদ্ধি পাব ৷

জম্মু-কাশ্মীৰৰ জনতাই সন্মুখীন হৈ অহা এই শংকাক আঁতৰোৱা অধিক প্ৰত্যাহ্বানমূলক ৷ পাকিস্তান আৰু বিচ্ছিন্নতাবাদীসকলে ইয়াক অধিক ইন্ধন যোগোৱাত সহায় কৰি আহিছে আৰু অনুচ্ছেদ 370, নাগৰিকত্ব সংশোধনী আইন, ফেব্ৰুৱাৰীত হোৱা দিল্লী হিংসাই ইয়াৰ জ্বলন্ত প্ৰমাণ ৷

দূৰ্ভাগ্যবশতঃ চৰকাৰে পাকিস্তানৰ হিংসাত্মক কাৰ্যক প্ৰতিৰোধ কৰিবৰ বাবে কম তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ ফলত জম্মু-কাশ্মীৰত ইন্টাৰনেট বন্ধ কৰি ৰখাৰ লগতে ভুৱা বাতৰি প্ৰকাশ পাই আহিছে আৰু দেশৰ অন্য অঞ্চলৰ লোকসকলক উগ্ৰপন্থী মুছলিম বিৰোধী কৰি তুলিছে ৷ স্থানীয় লোকৰ ভাৱনাৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷

Last Updated : May 17, 2020, 8:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.