ETV Bharat / bharat

‘নাগৰিকৰ স্বাধীনতা এনদৰে খৰ্ব কৰিব নোৱাৰে’- উচ্চতম ন্যায়ালয় - Punjab High Court

‘নাগৰিকৰ স্বাধীনতা এনদৰে খৰ্ব হ’ব নোৱাৰে’, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ বিচাৰক ডি ৱাই চন্দ্ৰচূড়ৰৰ নেতৃত্বধীন বিচাৰপীঠৰ ৷

as_ntl_Supreme_Court_img
‘নাগৰিকৰ স্বাধীনতা এনদৰে খৰ্ব কৰিব নোৱাৰে’- উচ্চতম ন্যায়ালয়
author img

By

Published : Nov 22, 2020, 7:48 PM IST

নেশ্যনেল ডেস্ক, 22 নৱেম্বৰঃ ‘নাগৰিকৰ স্বাধীনতা এনদৰে খৰ্ব হ’ব নোৱাৰে’, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ ৷ এগৰাকী ব্যক্তিয়ে আদালতৰ তিনিটাকৈ শুনানিত নিজৰ উকিলৰ অনুপস্থিতি সন্দৰ্ভত ৰুজু কৰা আবেদন পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চন্যায়ালয়ে খাৰিজ কৰাৰ পিছতেই এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে ৷

সৰ্বোচ্চ ন্যয়ালয়ে পৰ্যৱেক্ষণ কৰে যে, এই আবেদনৰ শুনানি গ্ৰহণৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে ত্ৰুটি কৰিছে তথা অস্ত্ৰ আইনৰ অধীনত আটক হোৱা ব্যক্তিগৰাকীক সহায় কৰাৰ বাবে ‘amicus curiae’ হিচাপে অন্য এগৰাকী উকিল নিযুক্তি দিয়াটো উচিত ৷

‘যিহেতু ব্যক্তি গৰাকীক অস্ত্ৰ আইনৰ অধীনত আটক কৰা হৈছিল, গতিকে এই ক্ষেত্ৰত তেখেতৰ উকিল গৰাকীৰ অনুপস্থিতি amicus curiae হিচাপে অন্য এগৰাকী উকিল নিয়োগ কৰা উচিত যি ৰোহতকৰ আইন সেৱা কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে ৷ নাগৰিকৰ স্বাধীনতাক এনেদৰে খৰ্ব কৰা অনুচিত ৷’ এই মন্তব্য বিচাৰক ডি ৱাই চন্দ্ৰচূড়ৰৰ নেতৃত্বধীন বিচাৰপীঠৰ ৷ সৰ্বাচ্চ ন্যায়ালয়ে উচ্চ ন্যায়ালৰ 11 ফেব্ৰুৱাৰী আৰু 16 জুলাইৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি থয় ৷

11 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে ব্যক্তিগৰাকীৰ আবেদন খাৰিজ কৰিছিল য’ত উল্লেখ আছিল ‘আজি পৰ্যন্ত ছয়বাৰ বোৰ্ডত এই সংশোধন কৰা হৈছে ৷ প্ৰায় এবছৰ ছমাহ সময়ছোৱাত চাৰিবাৰকৈ কোনোৱে আবেদকাৰীৰ প্ৰতিনিধিত্ব কৰাৰ বাবে আগবাঢ়ি অহা নাই ৷ গতিকে এইয়া নিশ্চিতভাৱে অনুমান কৰিব পাৰি যে আবেদনকাৰী কথা তেখেতৰ পৰামৰ্শদাতা কোনোৱে এই সংশোদনৰ বাবে আগ্ৰহী নহয় ৷ গতিকে এই ক্ষেত্ৰত গোচৰ ৰূজুৰ প্ৰয়োজন বৰ্খাস্ত কৰা হয় ৷’ ইয়াৰ পিছতে 16 জুলাইতো উচ্চ ন্যায়ালয়ে সংশোধনৰ কোনো ভিত্তি উপস্থানপন নোহোৱাৰ বাবে এই আবেদন খাৰিজ কৰে ৷

উল্লেখ্য যে ব্যক্তিগৰাকীক 2015 চনৰ জানুৱাৰীত অস্ত্ৰ আইনৰ অধীনত তিনিবছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক-জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা আৰু মেন্ধৰ ছেক্টৰৰ আকাশত উৰিছে দ্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.