শ্ৰীনগৰ,16 জানুৱাৰীঃ জন্মু-কাশ্মীৰৰ পুলৱামাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লস্কৰ-ই-তৈবাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ এজন সহযোগীক ৷ পুলৱামা জিলাৰ সমীপৱৰ্তী অৱন্তীপোৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদীৰ সহযোগীজনক ৷ বৃহস্পতিবাৰে জন্মু-কাশ্মীৰ আৰক্ষীৰ মুখপাত্ৰই এই কথা প্ৰকাশ কৰে ৷ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীৰ সহযোগীজন ইচ্ফাক আহমেদ ডৰ ওৰফে মহেদ বুলি আৰক্ষীয়ে চিনাক্ত কৰে ৷ সন্ত্ৰাসবাদীৰ সহযোগীজন পুলৱামাৰ ডাংগেৰপোৰা-পডগামপোৰাৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ধৃত সন্ত্ৰাসবাদীৰ সহযোগীজনে পতংগপোৰা,সোণৰীগুণ্ড,গুলজাৰপোৰা,বেঘপোৰা,ৰেসপোৰা আৰু অংবতোৰাৰ সমীপৰ ডেঞ্জাৰপোৰাৰ এলেকা সমূহত দীৰ্ঘদিনে সন্ত্ৰাসবাদী কাৰ্যকলাপ সক্ৰিয়ভাৱে চলাই আহিছিল ৷ এই কথা আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷
ঘটনাৰ তদন্ত অনুসৰি,পুলৱামাৰ ডাৰ অঞ্চলত বাস কৰা লোকসকলক দীৰ্ঘদিনে ভয়-ভাবুকিৰে ধন আদায় কৰি আহিছিল মহেদে ৷ লগতে অঞ্চলটোত বাহৰ পাতি থকা সন্ত্ৰাসবাদী সকলক খাদ্য যোগানৰ ব্যৱস্থা কৰি দিছিল যোগসূত্ৰকাৰীজনে ৷ জন্মু-কাশ্মীৰ আৰক্ষীয়ে ইতিমধ্যে অৱন্তীপোৰা আৰক্ষী চকীত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ৷
লগতে চাওকঃঅনুচ্ছেদ 370 প্ৰত্যাহাৰ ঐতিহাসিকঃ স্থলসেনা প্ৰধান জেন. নাৰাভানে