নেশ্যনেল ডেস্ক, 29 জুনঃ ভোটদান নকৰিলে জৰিমণা ভৰিব লগা এখন দেশ ৷ এইয়া কোনো মনে সজা গল্প বা কাহিনী নহয় ৷ এইয়া সত্য যে, পৃথিৱীত এনে দেশো ক'ৰবাত আছে ৷ 2018 বৰ্ষত ইজিপ্টত আৰম্ভ কৰা হৈছিল এই নিয়ম ৷
ভোট নিদিলেই জৰিমণা ! যাৰ পৰিমাণ আমেৰিকান 28 ডলাৰ বা ইজিপ্টৰ 500 পাউণ্ড ৷ ইজিপ্টৰ ৰাষ্ট্ৰীয় নিৰ্বাচন বিভাগে এক বিবৃত্তিৰ জৰিয়তে প্ৰকাশ কৰিছিল এই কথা ৷ সেই বিবৃত্তিত উল্লেখ আছিল যে, এটি ভাল ভৱিষ্যতৰ বাবে ভোট দিয়াটো অত্যান্তই প্ৰয়োজন ৷ ভোটদান হৈছে এক জাতীয় কৰ্তব্য ৷ যাৰ বাবে দেশখনত এই আইন বলৱৎ কৰা হৈছিল ৷ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট থকা লোক যদি ভোটদানৰ পৰা বিৰত থাকে তেন্তে তেওঁলোকে জৰিমণা ভৰাটো নিশ্চিত ৷
এই নিয়ম ইজিপ্টৰ আইনত 30 বছৰ পূৰ্বৰ পৰাই আছিল যদিও, 2018 চনতহে প্ৰথমবাৰৰ বাবে কাৰ্যকৰী হয় ৷ ইজিপ্টৰ ভোট গ্ৰহণ ব্যৱস্থাত 47 শতাংশৰ অধিক ভোটদানৰ সংখ্যা পোৱা নাছিল ৷ যাৰ ফলত ভোটদাতাৰ সংখ্যা বৃদ্ধিৰ বাবে এনে নিয়ম কাৰ্যকৰী কৰা হয় ৷ দেশবাসীৰ মতে, গণতন্ত্ৰৰ ইতিহাসত এই নিয়মে এক নতুন অধ্যায়ৰ সূচনা কৰিছে ৷
লগতে পঢ়কঃ ভিন্ন সুৰৰ সুহুৰিৰে ভৰা মেঘালয়ৰ এখন গাঁও