নিউজ ডেক্স,24 জুনঃ 23 জুনৰ পৰা আৰম্ভ হৈছে পুৰীৰ বিখ্যাত জগন্নাথ ৰথযাত্ৰা ৷ যদিও এইবেলি ৰথযাত্ৰা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক অৱস্থাত বাধা আৰোপ কৰা হৈছিল কিন্তু উচ্চতম ন্যায়ালৰ নিৰ্দেশৰ পিছতেই প্ৰায় 500 লোকৰ সমাগমেৰে অনুষ্ঠিত হয় ৰথযাত্ৰা ৷ শ্ৰী পুৰুষোত্তম ধামক খাদ্যভূমি অৰ্থাৎ ‘লেণ্ড অব ফুড’ বুলিও কোৱা হয় ৷ মন্দিৰৰ ভিতৰৰ ৰান্ধনিশালখন হ’ল নিজস্ব ধৰণৰ বিশ্বৰ সৰ্ববৃহৎ ৰান্ধনিশাল ৷ এই ৰান্ধনিশালতেই মা অন্নপূৰ্ণা আৰু লক্ষ্মীয়ে শ্ৰী কৃষ্ণৰ বাবে ব্যঞ্জন প্ৰস্তুত কৰা বুলি বিশ্বাস কৰা হয় ৷
জগন্নাথ ধামত ভক্তৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ বাবে চৌকাত জুঁই দিয়া প্ৰক্ৰিয়াক ‘অগ্নি ত্যাগ’ বুলি কোৱা হয় ৷ দুটা বৃহৎ বাচনত যাক ‘কুড়ুৱা’ বুলি কোৱা হয় ভাত প্ৰস্তুত কৰা হয় ৷ সমগ্ৰ খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াটো দেৱী লক্ষ্মী,দেৱী বিমলা আৰু দেৱী দক্ষিণা কালীৰ তত্বাৱধানত সম্পন্ন কৰা হয় ৷ প্ৰস্তুত কৰা খাদ্য মন্দিৰৰ ত্ৰিনিটিক প্ৰিৱেশন কৰাৰ পিছতেই আনন্দ বাজাৰ অৰ্থাত ভক্তৰ বাবে প্ৰস্তুত কৰা বিশাল খাদ্যথলীত ভক্তক পৰিৱেশন কৰা হয় ৷ খাদ্য প্ৰস্তুত কৰাৰ বাবে কেৱল জুঁই আৰু শুদ্ধ ঘি ব্যৱহাৰ কৰা হয় ৷ মুঠ 2400 গৰাকী ৰান্ধনি ইয়াত নিয়োজিত হৈ আছে ৷ ইয়াৰ উপৰিও ৰান্ধনিশালখনত 752 টা চৌকা আছে ৷
জনবিশ্বাস আছে যে,যিহেতু শ্ৰী পুৰুষোত্তম ধামত দেৱী লক্ষ্মীয়ে নিজে ‘মহাপ্ৰসাদ’ প্ৰস্তুত কৰে গতিকে ইয়াত কেতিয়াও প্ৰসাদৰ নাটনি নহয় ৷ প্ৰতিদিনে প্ৰায় 1 লাখতকৈও অধিক ভক্তই এই মহাপ্ৰসাদ গ্ৰহণ কৰে ৷ শুদ্ধ মনেৰে এই মহাপ্ৰসাদ গ্ৰহণ কৰিলে ভক্তই নিজকে পাৰ্থিৱ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে ৷ ইয়ে শ্ৰী জগন্নাথ মন্দিৰৰ বিশেষত্বক প্ৰকাশ কৰে ৷
লগতে পঢ়ক-বিতৰ্কৰ আৱৰ্তত হেৰিটেজ জয়সাগৰ