ETV Bharat / bharat

লক্ষদ্বীপত পোৱা গৈছে প্ৰথমটো ক'ভিড আক্ৰান্ত ৰোগী

সোমবাৰে কোচ্চিৰ পৰা লক্ষদ্বীপলৈ যোৱা ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়েনৰ এজন লোকৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

author img

By

Published : Jan 19, 2021, 10:26 AM IST

লক্ষদ্বীপত পোৱা গৈছে প্ৰথমটো ক'ভিড আক্ৰান্ত ৰোগী
লক্ষদ্বীপত পোৱা গৈছে প্ৰথমটো ক'ভিড আক্ৰান্ত ৰোগী

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী: দেশত কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ এবছৰ পাচত সোমবাৰে লক্ষদ্বীপত পোৱা গৈছে প্ৰথমটো ক'ভিড আক্ৰান্ত ৰোগী ৷ 3 জানুৱাৰীত দ্বীপটোলৈ অহা এজন লোকৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়েনৰ লোকজন কোচ্চিৰ পৰা গৈছিল লক্ষ দ্বীপলৈ ৷

দ্বীপটোৰ স্বাস্থ্য বিভাগে জনোৱা মতে,লোকজন লক্ষ দ্বীপৰ স্থায়ী বাসিন্দা নহয় ৷ দ্বীপটোলৈ অহাৰ পাচত এসপ্তাহ আছুতীয়াকৈ ৰখা হৈছিল লোকজনক ৷ সোমবাৰে স্বাস্থ্য পৰীক্ষা কৰাত লোকজনৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ দুসপ্তাহ আগলৈ দ্বীপটোত নাছিল এটাও নাছিল পজিটিভ ৰোগী ৷

ইফালে স্বাস্থ্য বিভাগে শেহতীয়াভাৱে ল'বলগীয়া সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তাৰ লগে লগে লোকজনৰ সংস্পৰ্শলৈ অহা সকলো লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷ ইয়াৰ সমান্তৰালকৈ বিমানযোগে অহা প্ৰতিজন লোককে এসপ্তাহ আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : বিশ্ব ভাৰতীয়ে উত্থাপন কৰা অভিযোগ খণ্ডনৰ দাবী অৰ্মত্য সেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.