ETV Bharat / bharat

মহানুভৱতাৰ পৰিচয় এগৰাকী লেব টেকনিছিয়ানৰ

আমীৰ খানৰ ছবি "থ্ৰি ইডিয়টছ"ৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'ল মধ্য়প্ৰদেশত । ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে চিকিসকৰ সৈতে সংযুক্ত হৈ এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসৱত সহায় কৰে এজন লেব টেকনিছিয়ানে । চলন্ত ৰেলতে মহিলাগৰাকীয়ে জন্ম দিয়ে নিজ সন্তানক ।

মহানুভৱতাৰ পৰিচয় এগৰাকী লেব টেকনিছিয়ানৰ
মহানুভৱতাৰ পৰিচয় এগৰাকী লেব টেকনিছিয়ানৰ
author img

By

Published : Jan 19, 2021, 5:56 PM IST

নিউজ ডেস্ক , ১৯ জানুৱাৰী : মধ্য়প্ৰদেশত মানৱীয়তাৰ অন্য়তম নিদৰ্শন দাঙি ধৰিলে এগৰাকী লেব টেকনিছিয়ানে । শনিবাৰে ৰাজ্য়খনৰ মথুৰা ৰেলৱে ষ্টেচনত এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসৱত সহায় কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে দিল্লীৰ পৰা মধ্য়প্ৰদেশলৈ গৈ থকা এজন লেব টেকনিছিয়ানে ।

উল্লেখ যে এগৰাকী গৰ্ভৱতী মহিলা নিজ ভাতৃৰ সৈতে দমোহলৈ গৈ আছিল । কিন্তু ৰেল খনৰ চলন্ত অৱস্থাতে মহিলা গৰাকীয়ে হঠাৎ প্ৰসৱ বেদনা অনুভৱ কৰে । গৰ্ভৱতী মহিলা গৰাকীয়ে প্ৰচণ্ড বিষত চিঞৰি থকা প্ৰত্য়ক্ষ কৰিছিল সুনীল প্ৰজাপতি নামৰ লেব টেকনিছিয়ানজনে ।

২০ জানুৱাৰীত প্ৰসৱৰ দিন আছিল যদিও মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল । ভাতৃৰ সৈতে অহা মহিলাগৰাকীক সহায়ৰ বাবে সুনীলে আগবাঢ়ি গৈছিল আৰু তেওঁ কাম কৰা হাস্পতালখনৰ এগৰাকী চিকিৎসক সুপৰ্না সেনক ফোন কৰি মহিলাগৰাকীৰ বিষয়ে অৱগত কৰে । তাৰ পিছতে চিকিৎসক গৰাকীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চত সংযুক্ত হয় সুনীল নামৰ লেব টেকনিচিয়ানজন ।

চিকিৎসক গৰাকীৰ পৰামৰ্শ অনুসৰি মহিলাগৰাকীক প্ৰসৱত সহায় কৰে সুনীলে আৰু অৱশেষত এটা সুস্থ সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে । পৰৱৰ্তী সময়ত সুনীলে ৰেল আৰক্ষীক খবৰ দিয়ে আৰু মথুৰা ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে মহিলা গৰাকী আৰু সন্তানক জিলা হাস্পতালত ভৰ্তি কৰায় ।

এই ঘটনাৰ পিছতে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে সুনীলে । বহুতৰে প্ৰশংসাৰ পাত্ৰ সুনীলেও তেওঁৰ এই কৰ্মকলৈ আনন্দিত বুলি মন্তব্য় কৰিছে ।

লগতে পঢ়ক :পুনৰ ৪৫ লাখ "কোভাক্সিন"ৰ বাবে আবেদন কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.