নিউজ ডেস্ক, ২০ জুন: জম্মু কাশ্মীৰৰ কুলগাম জিলাত সেনাবাহিনীৰ অভিযান। শনিবাৰৰ দুপৰীয়াৰ ভাগৰ এই অভিযান কালত সেনা বাহিনীৰে হোৱা মুখামুখী সংঘৰ্ষত নিহত হৈছে এটা সন্ত্ৰাসবাদী। আৰক্ষীৰ পৰা পোৱা খবৰ অনুসৰি,দক্ষিণ কাশ্মীৰৰ কুলগামৰ লিখদিপুৰা এলেকাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পাই অভিযান আৰম্ভ কৰে সমগ্ৰ এলেকাটোত । সেনাবাহিনীৰ এই অভিযানৰ সময়ত কোনো গোপন স্থানৰ পৰা সেনালৈ বুলি উগ্ৰপন্থীৰ দলটোৱে গুলি বৰ্ষণ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত সেনাইও গুলিয়াবলৈ বাধ্য হয় ।
যদিও সেনাই প্ৰথমে সন্ত্ৰাসবাদীৰ দলটোক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল,কিন্তু দলটোৱে দিয়া নাছিল কোনো সহাৰি। অৱশেষত দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিত নিহত হ'ল এটা সন্ত্ৰাসবাদী ।

জানিব পৰা মতে অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে সেনাৰ অভিযান ।
লগতে চাওকঃ ডিব্ৰুগড়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত ৰাভা দিৱস পালন