ETV Bharat / bharat

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে আলোচনাত মিলিত হ'ল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ। কৃষি আইনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 28, 2020, 11:09 AM IST

নেশ্যনেল ডেস্ক, ২৮ছেপ্টেম্বৰ: হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে দেওবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত এই বৈঠকৰ আয়োজন কৰা হয়। কৃষি আইনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ আইনত পৰিণত হোৱা কৃষি বিধেয়ক সন্দৰ্ভত ৰাজ্যখনৰ কৃষকে আগবঢ়োৱা মতামত অমিত শ্বাহৰ সন্মুখত অৱগত কৰে। ৪০মিনিট জোৰা এই বৈঠকত হাৰিয়ানাৰ মন্ত্ৰীসভাৰ বিভিন্ন বিষয়ৰ লগতে ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পদৰ নিযুক্তিৰ বিষয়তো আলোচনা কৰে বুলি দলৰ সূত্ৰই প্ৰকাশ কৰিছে। বিজেপি চৰকাৰৰ প্ৰতি জননায়ক জনতা পাৰ্টীৰ সঁহাৰিৰ স্পষ্ট ইংগিত বহন কৰিছে এই বৈঠকখনে।

উল্লেখ্য যে, যোৱা শনিবাৰে বি জে পি ৰাষ্ট্ৰীয় নেতা জে পি নাড্ডাৰ সৈতেও আলোচনাত মিলিত হৈছিল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ। আনহাতে, দেওবাৰে অমিত শ্বাহক সাক্ষাৎ কৰাৰ পূৰ্বে সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে বৈঠকত অংশ লয়।

লগতে পঢ়ক : জন্মদিন বিশেষঃ লতা মংগেশকাৰৰ যাদুকৰী কন্ঠৰে নিগৰা শ্ৰেষ্ঠ গীতসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.