নেচনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী: ক'ভিড-১৯ প্ৰট'কল ভংগ কৰাৰ লগতে ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ অপৰাধত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে প্ৰায় ১,০০০ জন লোকৰ বিৰুদ্ধে কেৰালা আৰক্ষীয়ে গোচৰ ৰুজু কৰিব । শুকুৰবাৰে কেৰালা আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে ।
জানিব পৰা মতে বৃহস্পতিবাৰে থ্ৰিচুৰত থেক্কিনকাদ মৈদানত অনুষ্ঠিত এখন ৰাজহুৱা সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে অংশগ্ৰহণ কৰিছিল ।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে, জে পি নাড্ডাৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা সকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হ'ব ।