ETV Bharat / bharat

কেৰালা সোণ কেলেংকাৰীঃ ২১ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্ত সৰিত পিএছক

শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই কেৰালাৰ সোণ কেলেংকাৰীৰ মুখ্য অভিযুক্ত সৰিত পিএছক ২১ আগষ্টলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ইয়াৰ পূৰ্বেও ১৭ জুলাইত ৭ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে NIA য়ে ।

author img

By

Published : Jul 24, 2020, 2:58 PM IST

কেৰালাৰ সোণ কেলেংকাৰী
কেৰালাৰ সোণ কেলেংকাৰী

নিউজ ডেস্ক, ২৪ জুলাইঃ কেৰালাৰ সোণ কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ঘটনাৰ মূল অভিযুক্ত সৰিত পিএছক প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ । ২১ আগষ্টলৈ প্ৰেৰণ কৰা হয় ন্যয়িক জিম্মালৈ । ইয়াৰ পূৰ্বেও NIA য়ে ১৭ জুলাইত ৭ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আনহাতে,ঘটনা সন্দৰ্ভত বিদেশ মন্ত্ৰণালয়ে কয় যে ভাৰত চৰকাৰ কেৰালাৰ সোণ কেলেংকাৰীৰ তদন্তৰ বাবে UAE বিষয়ববীয়াসকলৰ লগত সম্পৰ্ক স্থাপন কৰিছে ।

কেৰালাৰ সোণ কেলেংকাৰী
কেৰালা সোণ কেলেংকাৰীঃ ২১ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্ত সৰিত পিএছক

উল্লেখ্য যে, বিগত ৫ জুলাইত সীমা শুক্ল বিভাগে তিৰুৱন্তপুৰমৰ বিমান বন্দৰত জব্দ কৰে ৩০ কিলোগ্ৰাম সোণ । যাৰ বজাৰ মূল্য প্ৰায় ১৫ কোটি হ'ব বুলি প্ৰকাশ কৰে সীমা শুক্ল বিভাগে । আনহাতে, এই ঘটনা সন্দৰ্ভত ৬ আগষ্টত গ্ৰেপ্তাৰ কৰে তিৰুৱনন্তপুৰমৰ সংযুক্ত আৰব অমীৰতৰ বাণিজ্য দূতাবাস কাৰ্যালয়ৰ জনসম্পৰ্ক বিষয়ববীয়া হিচাপে কৰ্মৰত অভিযুক্ত সৰিতক । তাৰোপৰি ঘটনাৰ তদন্ত সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ে NIA ক দায়িত্ব অৰ্পণ কৰাৰ পাচতে সংস্থাটোৱে অন্য দুগৰাকী অভিযুক্ত স্বপ্ন সুৰেশ আৰু সন্দীপ নায়ৰক Unlawful Activities Prevention Act ৰ অধীনত গ্ৰেপ্তাৰ কৰে ।

লগতে চাওকঃ মানাহত মাৰণাস্ত্ৰসহ আটক চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.