নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃ তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ৷ অহা 16 ফেব্ৰুৱাৰীত দিল্লীৰ ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে ৷
মঙলবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ 70খন আসনৰ 62 খন আসনতে নিৰংকুশভাৱে জয়লাভ কৰা আম আদমী পাৰ্টী স্বাভাৱিকতে উৎফুল্লিত ৷ আপৰ প্ৰধান বিৰোধী বিজেপিৰ হাই-ভ’ল্টেজ নিৰ্বাচনী প্ৰচাৰক ওফৰাই পুনৰবাৰ দিল্লীৰ শাসনভাৰ আহিল আম আদমী পাৰ্টীৰ হাতলৈ ৷ দেশৰ গৃহমন্ত্ৰী তথা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ হৈ কৰা প্ৰচাৰে সত্বেও কেৱল 8 খন আসনতে থমকি ৰ’ব লগা হ’ল বিজেপি ৷
কিন্তু 2015 চনৰ নিৰ্বাচনৰ পিচত তুলনামুলকভাৱে এই নিৰ্বাচনত কিছু উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বিজেপি ৷ পূৰ্বৰ 3খন আসনৰ পৰা এইবাৰ 8খনলৈ বৃদ্ধি হৈছে বিজেপিৰ আসন ৷ ইফালে কংগ্ৰেছে পুনৰবাৰ থমকি ৰ’ল আসন শূণ্যভাৱেই ৷
উল্লেখ্য যে আজি পুৱা 11.30 বজাত কেজৰিৱালে সাক্ষাৎ কৰে ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল অনিল বাজাজক ৷
আৰু পঢ়কঃএয়া আজি ভাৰতৰ জয়ঃ সঞ্জয় সিঙ