ETV Bharat / bharat

কোভিড ১৯ : আৰোগ্য সেতুৰ দৰে কেজৰিৱাল চৰকাৰে মুকলি কৰিব মোবাইল এপ

author img

By

Published : May 31, 2020, 4:33 PM IST

আৰোগ্য সেতু এপৰ দৰে দিল্লীত কেজৰিৱাল চৰকাৰে মুকলি কৰিব এটা মোবাইল এপ । ইতিমধ্যে এই এপটো তৈয়াৰ কৰি বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষণ অব্যাহত ৰাখিছে ।

corona virus
Mobile app

নিউজ ডেস্ক,৩১ মে': কৰ'ণা ভাইৰাচৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা আৰোগ্য সেতুৰ দৰে দিল্লী চৰকাৰেও ৰাজ্যবাসীৰ বাবে মুকলি কৰিব এটা বিশেষ মোবাইল এপ্লিকেশ্বন । কোভিড ১৯ সম্বন্ধীয় সকলো তথ্য, কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সম্পৰ্কত অহা লোক আদিৰ তথ্যৰ বাবে দেশত বিকশিত কৰা হৈছিল আৰোগ্য সেতু এপ । একেধৰণে কেজৰিৱাল চৰকাৰেও এই ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ এপটো । চলিত সপ্তাহত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই মোবাইল এপ্লিকেশ্বনটো মুকলি কৰাৰ সম্ভাৱনা আছে ।

দেশত গৃহ মন্ত্ৰণালয়ে জাৰি কৰা 'আনলক ১'ৰ নিয়মাৱলী প্ৰযোজ্য হোৱাৰ লগে লগে লোকসকলে ৰাজ্যিক পৰিবহনৰ জৰিয়তে বিভিন্ন ঠাইলৈ যোৱা আৰম্ভ হ'ব । এই পৰিপ্ৰেক্ষিতত কাষত থকা কোনো লোক কোভিভ ১৯ত আক্ৰান্ত হৈছে নেকি এই সন্দৰ্ভত এই এপটোৰ জৰিয়তে জানিব পাৰিব । ইয়াৰ উপৰিও এপটোৰ জৰিয়তে কৰ'ণা ভাইৰাচৰ চিকিৎসাৰ বাবে হাস্পতাল সম্বন্ধীয় সকলো তথ্য লাভ কৰিব পাৰিব । কোভিভ ১৯ত আক্ৰান্ত ৰোগীৰ বাবে কোনখন হাস্পতালত কিমান বিচনা আছে, কিমানখন বিচনা খালী আছে, কোনখন হাস্পতালত কিমান ভেণ্টিলেটৰ আছে এই সন্দৰ্ভতো দিল্লীবাসীয়ে লাভ কৰিব পাৰিব সকলো তথ্য ।

যিসকলৰ লগত স্মাৰ্টফোন নাই, তেওঁলোকে ৱেবচাইটযোগে দিল্লীত কোভিভ ১৯ৰ শেহতীয়া পৰিস্থিতি, এই সন্দৰ্ভত চৰকাৰৰ সকলো তথ্য জানিব পাৰিব । লগতে, দিল্লী চৰকাৰে মুকলি কৰা ১০৩১ হেল্পলাইন নম্বৰৰ কল কৰিলেও সকলো তথ্য লাভ কৰিব পাৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.