ETV Bharat / bharat

কাশ্মীৰ সঠিক পথেৰে আগবাঢ়িছে : 15 ক'ৰৰ জিঅ'চি বিএছ ৰাজু

author img

By

Published : Oct 28, 2020, 12:16 PM IST

জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শ্ৰীনগৰস্থিত স্থলসেনাৰ 15 ক'ৰৰ ক'ৰ কামাণ্ডাৰ জিঅ'চি লেফ. জেন. বি এছ ৰাজুৱে ৷

15 ক'ৰৰ জিঅ'চি বিএছ ৰাজু
15 ক'ৰৰ জিঅ'চি বিএছ ৰাজু

নিউজ ডেস্ক, 28 অক্টোবৰ : মধ্য কাশ্মীৰৰ বাদগাম জিলাত আয়োজিত য়ুশমাৰ্গ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে স্থলসেনাৰ 15 ক'ৰ (চিনাৰ ক'ৰ)ৰ জেনেৰেল অফিচাৰ কামাণ্ডিং, লেফ. জেন. বাগ্গাভাল্লী সোমশেখৰ ৰাজুৱে ৷ উৎসৱ উদ্বোধন কৰি কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ স্থলসেনা বিষয়াগৰাকীয়ে কয় যে, হাতত বন্দুক তুলি লোৱা কাশ্মীৰৰ যুৱ-প্ৰজন্মৰ বাবে সেনাই কঠোৰ ব্যৱস্থা ল'বলৈ কুন্ঠাবোধ নকৰে, কিন্তু শান্তিৰ পথলৈ উভটি আহিবলৈ বিচাৰিলে তেওঁলোকক সৰ্বোতপ্ৰকাৰে সহায় আগবঢ়াব ৷

লগতে পঢ়ক : সেনাৰ সৈতে সংঘৰ্ষত নিহত দুই অচিনাক্ত সন্ত্ৰাসবাদী

"বৰ্তমান সময়ত উপত্যকাত সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে ৷ কাশ্মীৰে সঠিক পথেৰে আগবাঢ়িছে ৷ পৰিৱেশ অনুকূল হৈছে আৰু যিসকলে এতিয়াও অস্ত্ৰ পৰিত্যাগ কৰা নাই তেওঁলোকক মই নিজ গৃহলৈ উভটি আহি এক সুন্দৰ জীৱন যাপন কৰিবলৈ আহ্বান জনাইছো ৷" সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে লেফ. জেন. ৰাজুৱে ৷ তেওঁ লগতে কয় যে, "মই স্থানীয় বিদ্ৰোহীসকলক অস্ত্ৰ পৰিত্যাগ কৰিবলৈ ইয়াৰ পৰাই আহ্বান জনাইছো, অন্যথা সেনাৰ সৈতে প্ৰতিযোগিতাত নামিলে সেই সকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেনাই পিচলৈ ঘুৰি নাচায় ৷"

লগতে পঢ়ক : মেহবুবা মুফতিৰ মন্তব্যৰ অন্তত শ্ৰীনগৰত ‘তিৰংগা ৰেলী’ বিজেপি কৰ্মীৰ

অতিকে স্পৰ্শকাতৰ সন্ত্ৰাসজৰ্জৰিত দক্ষিণ কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত লেফ. জেন. ৰাজুৱে কয় যে, "কাশ্মীৰৰ পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ ৷ বিদ্ৰোহী সমস্যা পূৰ্বৰ তুলনাত বহুখিনি হ্ৰাস পাইছে ৷ যুৱ প্ৰজন্মই নিজৰ ভৱিষ্যতক লৈ অধিক গুৰুত্ব আৰোপ কৰিছে আৰু তেওঁলোকৰ বহুতেই সেনাৰ সহায়ত কেন্দ্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষ সফলতা লাভ কৰিছে ৷ দক্ষিণ কাশ্মীৰৰ কুলগাম, অনন্তনাগ, পুলৱামা আৰু ছোপিয়ান জিলাৰ পৰিস্থিতি বৰ্তমানে স্বাভাৱিক হৈছে ৷ জিলাকেইখনত অৰ্থনৈতিক কাৰ্যকলাপে গতি লৈছে ৷ আপেলৰ ব্যৱসায়ো শীৰ্ষত আছে ৷ কোভিড-19ৰ সমস্যা লাঘৱ হ'লেই এইটো অঞ্চলত বিদ্যালয়সমূহ পুনৰায় মুকলি হ'ব বুলি মই নিশ্চিত ৷" তেওঁ লগতে কয় যে, "সীমান্তৰ সিপাৰৰ পৰা হোৱা অনুপ্ৰৱেশ বৃহৎ হাৰে ৰোধ কৰিবলৈ সেনাই সফল হৈছে ৷ বৰফ পৰাৰ আগে আগে আৰু শীতকালৰ আগতেই অবৈধ অনুপ্ৰৱেশৰ ঘটনা বৃদ্ধি হয় যদিও আমাৰ ল'ৰাসকলে ইয়াক ব্যৰ্থ কৰিবলৈ তীক্ষ্ন নিৰীক্ষণ ৰাখিছে ৷"

কাশ্মীৰক লৈ চিনাৰ ক'ৰৰ কামাণ্ডাৰৰ বিশেষ মন্তব্য

উল্লেখ্য যে, বিগত সপ্তাহত ৰাষ্ট্ৰীয় ৰাইফলছৰ কিলো ফৰ্চৰ জিঅ'চি মেজৰ জেন. এইচ এছ শ্বাহীয়ে কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বাবে আত্মসমৰ্পণ নীতি কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ অৱশ্যে এই নীতিৰ চূড়ান্ত খচৰা এতিয়ালৈ প্ৰস্তুত হোৱা নাই ৷ সেনাই কেন্দ্ৰলৈ প্ৰেৰণ কৰা আত্মসমৰ্পণ আৰু পুনৰসংস্থাপন নীতিৰ চূড়ান্ত খচৰা এতিয়ালৈকে প্ৰস্তুত হোৱা নাই যদিও কিলো ফৰ্চৰ জিঅ'চি মেজৰ জেনেৰেল এইচ এছ শ্বাহীয়ে এই সন্দৰ্ভত সেনাই শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ বিগত 22 অক্টোবৰত এই সন্দৰ্ভত কেন্দ্ৰলৈ এক পৰামৰ্শ আগবঢ়াইছিল কিলো ফৰ্চে ৷ চাপোৰ জিলাত দুগৰাকী স্থানীয় যুৱকে সেনাৰ ওচৰত আত্মসমৰ্পন কৰাৰ পিচতেই এই বিষয়ে প্ৰকাশ কৰিছিল স্থলসেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : অৰুণাচলত আটক NSCN(R)ৰ এজন সক্ৰিয় কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.