নিউজ ডেস্ক, 14 এপ্ৰিলঃ এটা ইতিবাচক খবৰ ! কিছুদিন পূৰ্বলৈ কৰ'ণা ভাইৰাচ সংক্ৰমণৰ হটস্পট হৈ থকা কেৰালাৰ কাছাৰাগড জিলাই যুঁজ দি বহু পৰিমানে পৰাস্ত কৰিবলৈ সক্ষম হৈছে মহামাৰীবিধক ।
বিগত তিনি দিনত কাছাৰাগড জিলাত COVID-19ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ 37 শতাংশ । য'ত সমগ্ৰ ভাৰতত 11 শতাংশ আৰু আমেৰিকাত মাত্ৰ 5.7 শতাংশ । লগতে 17 দিন ধৰি বাঢ়ি থকা কেচৰ পাচত সোমবাৰে কোনো নতুন COVID-19 ৰ কেচ পোহৰলৈ নাহিল জিলাখনত ।
ইপিনে কাছাৰাগড সাধাৰণ হাস্পতালত দেশৰ ভিতৰতে সৰ্বাধিক COVID-19 ৰোগী সুস্থ হৈ উঠিছে ।
দেওবাৰে সম্পূৰ্ণ সূস্থ হৈ উঠাৰ পাচত 26 জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দি ঘৰ যাবলৈ দিয়া হয় । এই ক্ষেত্ৰত নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়োৱা চিকিৎসালয়ৰ সমূহ কৰ্মী প্ৰশংসাৰ পাত্ৰ ।
কৰ'ণা ভাইৰাচ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ত থকা জিলাখনত মুঠ 165 গৰাকী ৰোগী চিনাক্ত হৈছিল । তাৰে মুঠ 60 গৰাকী সুস্থ হৈ উঠিছে আৰু 105 গৰাকী হাস্পতালত চিকিৎসাধীন হৈ আছে ।
জিলাখনত COVID-19 পজিটিভ লোককে ধৰি মুঠ 248 গৰাকীক সুকীয়াকৈ ৰখাৰ লগতে কোৱাৰেণ্টাইনত আছে 10,374 গৰাকী লোকক ।