ETV Bharat / bharat

কাৰ্টাৰপুৰ কৰিডৰৰ উদ্বোধনী অনুষ্ঠানৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট- জ্যেষ্ঠ সাংবাদিকা স্মীতা শৰ্মা - ডেৰা বাবা নানক

ভাৰত-পাকিস্তানৰ মাজত অব্যাহত থকা ৰাজনৈতিক তিক্ততা আৰু ৰক্তপাতক একাষৰীয়া কৰি বহু দশকৰ প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্টাৰপুৰ কৰিডৰৰ শুভ উদ্বোধন কৰে ৷ এই সন্দৰ্ভত চাওঁক ডেৰা বাবা নানকৰ পৰা জ্যেষ্ঠ সাংবাদিক স্মীতা শৰ্মাই যুগুতোৱা এক বিশেষ প্ৰতিবেদন ৷

কাৰ্টাৰপুৰ কৰিডৰৰ উদ্বোধনী অনুষ্ঠানৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট- জ্যেষ্ঠ সাংবাদিকা স্মীতা শৰ্মা
author img

By

Published : Nov 12, 2019, 12:29 PM IST

ডেৰা বাবা নানক,11 নৱেম্বৰঃ সমগ্ৰ ভাৰতীয় উপমহাদেশ সাক্ষী হ'ল এক বিৰল ঐতিহাসিক ক্ষণৰ ৷ অব্যাহত সকলোধৰণৰ ৰাজনৈতিক তিক্ততা আৰু ৰক্তপাতক একাষৰীয়া কৰি ভাৰত আৰু পাকিস্তানে বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে এনে এক সপোন আৰু লক্ষ্যৰ ৷ যি বিগত কেইবা দশক ধৰি অপূৰ্ণ হৈ পৰি আছিল ৷ গৰিষ্ঠ সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ, বিশেষকৈ শিখ ধৰ্মাৱলম্বীসকলৰ অন্যতম আকাঙ্খা তথা প্ৰাণকেন্দ্ৰ কাৰ্টাৰপুৰ কৰিডৰ ৷

Kartarpur inauguration: Ground report from Dera Baba Nanak
ঐতিহ্যমণ্ডিত ডেৰা দৰবাৰ চাহিব

শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্টাৰপুৰ কৰিডৰলৈ যোৱা ডেৰা বাবা নানকত অৱস্থিত পেচেঞ্জাৰ টাৰ্মিনেল বিল্ডিং আৰু সংযুক্ত সুৰক্ষা চকীটো উদ্বোধন কৰে ৷

উক্ত পথটোৱেই হৈছে পাকিস্তানৰ নৰোৱাল জিলাত অৱস্থিত ঐতিহ্যমণ্ডিত ডেৰা দৰবাৰ চাহিবলৈ যাবলগীয়া পথ ৷

বহু বছৰৰ প্ৰতীক্ষাৰ অন্তত শিখ সম্প্ৰদায়ৰ লগতে অন্যান্য ভক্ত তথা অনুগামীসকলৰ স্বপ্নক বাস্তৱ ৰূপ দিয়াত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক ধন্যবাদ জ্ঞাপন কৰিছে ৷

তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত দিনটোতেই সম্পন্ন হোৱা ঐতিহাসিক অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়দান সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷

কিন্তু নিজ বক্তব্যত প্ৰধানমন্ত্ৰীয়ে শিখ ধৰ্মগুৰু গুৰুনানকৰ দৰ্শন আৰু শিক্ষাৰ লগতে মানৱ সমাজলৈ গুৰুজনাৰ প্ৰেম, শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তাৰ বিষয়ে উল্লেখ কৰে ৷

পাকিস্তানৰ দৰবাৰ চাহিব অভিমুখে ৰাওনা হোৱা ভাৰতীয় প্ৰতিনিধি দলত আছিল- পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰী, সৰছিমৰৎ বাদল, লোকসভাৰ সাংসদমণ্ডলী তাৰ ভিতৰত আছে চানী দেউল, অন্যান্য সন্মানীয় ব্যক্তিসকল ৷ উক্ত পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াত অগ্ৰণী ভূমিকা পালন কৰা নৱজোৎ সিং সিদ্ধুও এই প্ৰতিনিধি মণ্ডলৰ সদস্য হিচাবে আছিল ৷ উল্লেখ্য যে, পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ একমাত্ৰ নিমন্ত্ৰিত ভাৰতীয় অতিথি হিচাবেও পাকিস্তান ভ্ৰমণ কৰিছিল সিদ্ধুৱে ৷

কাৰ্টাৰপুৰ কৰিডৰৰ উদ্বোধনী অনুষ্ঠানৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট- জ্যেষ্ঠ সাংবাদিকা স্মীতা শৰ্মা

আনহাতে প্ৰতিনিধিমণ্ডলত অংশগ্ৰহণ কৰিব নোৱাৰাসকলৰ ভিতৰত আছিল 100 ৰো অধিক প্ৰৱাসী শিখ সম্প্ৰদায়ৰ লোক ৷ তেওঁলোকৰ ভিতৰৰ অন্যতম এগৰাকী হৈছে খালিস্তানী বিদ্ৰোহক সমৰ্থন জনোৱাৰ অপৰাধত প্ৰায় তিনিদশক ধৰি নিষেধাজ্ঞাৰ সন্মুখীন হোৱা প্ৰৱাসী ভাৰতীয় শিখ ৷ তেখেতৰ ওপৰত ভাৰত চৰকাৰে কাৰ্টাৰপুৰৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব নোৱাৰাকৈ ছেপ্টেম্বৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷

যদিও ভাৰতীয় প্ৰতিনিধিমণ্ডলত শতাধিকে অংশগ্ৰহণ কৰিব পৰা নাই ৷ তেওঁলোকে ডেৰা বাবা চাহিবৰ জিৰ পইণ্টৰ পৰা থিয় হৈ যথেষ্ট আশাবাদী যেন পৰিলক্ষিত হৈছে ৷ কিয়নো অনাগত দিনত তেওঁলোকেও দৰবাৰ চাহিবলৈ ভ্ৰমণ কৰিব পাৰিব ৷

কিন্তু বহুসংখ্যক লোক যথেষ্ট দৰিদ্ৰ আৰু এইক্ষেত্ৰত তেওঁলোকে ভাবিবলৈ বাধ্য হৈ পৰিছে যে, পাকিস্তানে ধাৰ্য কৰা 20 ডলাৰ বা 1200-1400 টকা মুঠেই কম পৰিমাণ নহয় ৷ তাৰোপৰি ৰেল যাত্ৰা বা বাছ যাত্ৰাৰ সৈতে উপস্থিত হ'বলৈ ই যথেষ্ট ব্যয়বহুল হোৱা পৰিলক্ষিত হৈছে ৷ ভাৰতীয় পক্ষৰ তৰফৰ পৰা কৰিডৰস্থলীত ষ্টেণ্ড তৈয়াৰ কৰা হৈছে ৷ তাৰোপৰি অন্যান্য কিছু বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাৰণ যাত্ৰাৰ বাবে পাছপৰ্ট হৈছে অত্যাৱশ্যকীয় নথি ৷ এইক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে দৰিদ্ৰ লোকসকল ৷ কিয়নো সৰহসংখ্যকৰেই নাই পাছপৰ্ট ৷ লোকসকলে পাছপৰ্টৰ পৰিৱৰ্তে যিকোনো পৰিচয়-পত্ৰ বা আধাৰ কাৰ্ডৰ পোষকতা কৰিছে ৷

যি কি নহওক গুৰুনানক দেৱৰ 550 তম জন্মজয়ন্তী উপলক্ষে এই কৰিডৰটোৰ শুভাৰম্ভণি ঘটোৱা হৈছে ৷ সকলোৱে এতিয়া মুকলি কৰা এই আস্থাৰ কৰিডৰটো ভাৰত-পাকিস্তানৰ মাজত মৈত্ৰী আৰু বন্ধুত্বৰ কৰিডৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে ৷

কাৰ্টাৰপুৰ কৰিডৰ পৰিদৰ্শনত ভাৰতীয় প্ৰতিনিধি দলত অংশগ্ৰহণকাৰীসকলে বিভিন্ন ধৰণে নিজৰ অভিমত ব্যক্ত কৰিছে ৷ তাৰ ভিতৰত-

পি এচ আই ডি চিৰ অধ্যক্ষ কৃষ্ণ কুমাৰ বাৱাই কয়,"আজি মই কাৰ্টাৰপুৰ কৰিডৰলৈ যোৱা ভাৰতীয় প্ৰতিনিধিমণ্ডলত অংশগ্ৰহণ কৰিলো ৷ এয়াই আমাৰ সকলোৰে লগতে সমগ্ৰ দেশৰ বাবে এক সুখৰ ক্ষণ ৷ ইয়াৰোপৰি ই প্ৰতিজন ধৰ্মপ্ৰাণ শিখৰ বাবে সুখৰ সময় ৷ ইয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ৷"

কংগ্ৰেছ বিধায়ক ৰাণা গুৰজিৎ সিঙেও নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, "এয়া মোৰ বাবে দ্বিতীয়বাৰ গুৰুধাম যাত্ৰা ৷ এইবাৰ খোজকাঢ়ি যাব পৰাটো মোৰ বাবে এক অনন্য সুযোগ তথা অবিস্মৰণীয় অভিজ্ঞতা ৷"

আনহাতে শিৰোমণি আকালি দলৰ সাংসদ চান্দু মাজৰাই নিজৰ অভিমত ব্যক্ত কৰি কয় "আজি মোৰ জীৱনৰ বাবে এক অতি সুখৰ দিন ৷ এইয়া এক ঐতিহাসিক মুহূৰ্ত বুলি মই ক'ব পাৰো ৷ আজি এনে লাগিছিল যেন সীমান্তত যেনেদৰে তেজবোৰ উত্তপ্ত হৈ পৰে আৰু বিবাদ-সংঘাতৰ পৰিৱেশ অব্যাহত আছে, তাৰ পৰিৱৰ্তে আজিৰ যি পৰিৱেশ আছিল ই এক সম্পূৰ্ণ বিপৰীত পৰিৱেশৰ সূচনা কৰিছে ৷ দুয়ো দেশৰ চৰকাৰে সকলোৰে হিত তথা মানৱতাৰ কল্যাণৰ অৰ্থে, শান্তিৰ তত্বৰ ওপৰত নৈতিকভাৱে কাম কৰিলে আমাৰ সকলো দ্বন্দ আৰু বিবাদ শেষ কৰিব পৰা যাব ৷"

সকলো ৰাজনৈতিক বিষয় যেনে এই কৰিডৰক পাকিস্তানে ভাৰত বিৰোধী কাৰ্যকলাপৰ এক অংশ বুলি গ্ৰহণ কৰা বিভিন্ন প্ৰচাৰৰ সংশয়ক একাষৰীয়া কৰি সকলোৱে এজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে ৷ পুৰুষ, মহিলা,ডেকা, বৃদ্ধ, শিশু সকলো উৎসৱমুখৰ হৈ পৰাৰ লগতে ভক্তিৰ অদম্য এনাজৰীৰে উদ্বুদ্ধ হৈ পৰিছে ৷

আৰু পঢ়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে কৰ্টাৰপুৰ ক'ৰিডৰ

Intro:Body:

xc

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.