নেশ্যনেল ডেস্ক, ১৩ জুন: ভাৰতত চীনা সামগ্ৰী বহিস্কাৰৰ বিষয়টো চৰ্চালৈ অহাৰ সময়তে কৰ্ণাটক চৰকাৰে ৰাজ্যখনত চীনা সামগ্ৰীসমূহৰ আমদানি বন্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে । ভাৰতৰ খাদী আৰু গ্ৰামোদ্য়োগ বিভাগৰ বাবে ৰেচম বস্ত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কৰ্ণাটকৰ নাম পোহৰলৈ আহিছে ।

কৰ্ণাটক,তামিলনাডু,পশ্চিমবংগ জম্মু কাশ্মীৰ আৰু কেৰালাৰ পিছতে ৰেচম বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত কৰ্ণাটকৰ নাম উল্লেখ কৰা হৈছে । দেশত মালবেৰী চিল্ক উৎপাদনৰ ক্ষেত্ৰত কৰ্ণাটকৰ ৭০ শতাংশ অংশীদাৰিত্ব আছে । এই ক্ষেত্ৰত ইতিমধ্যে ৰেচম বস্ত্ৰ উদ্যোগৰ বিষয়াসকলে কেন্দ্ৰৰ সৈতে বাৰ্তালাপ কৰি চৰকাৰক চীনা সামগ্ৰীৰ আমদানি বন্ধ কৰিবলৈ আহ্বান জনায় ।
চলিত বৰ্ষৰ মাৰ্চ মাহত খাদী আৰু গ্ৰামোদ্য়োগ বিভাগৰ অধ্যক্ষ ভি কে চাক্সেনাই কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেললৈ এখন পত্ৰ প্ৰেৰণ কৰি কৈছিল যে, চীনা বস্ত্ৰৰ সৰবৰাহ বন্ধ কৰিব লাগে আৰু কিয়নো এইবোৰে ঘৰুৱা বস্ত্ৰ উৎপাদনত প্ৰভাৱ পেলায় ।
লগতে পঢ়ক: পাক সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত বিস্ফোৰণ, নিহত 1, আহত 12