ETV Bharat / bharat

নাৰী সুৰক্ষাৰ বাবে বিশেষ 'KEY CHAIN' উদ্ভাৱন কানপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

author img

By

Published : Oct 12, 2020, 12:27 PM IST

উত্তৰ প্ৰদেশত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাই দেশৰ সংবাদ শীৰ্ষ দখল কৰি থকাৰ সময়তে উদ্ভাৱনী শক্তিৰে অভিনৱ প্ৰয়াস কৰিছে কাণপুৰৰ পূজা পেটেলে । নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী পূজাই 'KEY CHAIN' উদ্ভাৱন কৰি উলিয়াইছে । অপৰাধীক বাধা দিয়াৰ বাবে মহিলাসকলৰ ব্যৱহাৰোপযোগী এই বিশেষ 'কী চেইন'ত সংলগ্ন কৰা হৈছে ৪৪০ ভল্টৰ বিদ্যুৎ ।

নাৰী সুৰক্ষাৰ বাবে বিশেষ 'KEYCHAIN' উদ্ধাৱন কানপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: ভাৰতত মহিলাসকলৰ সৈতে সঘনাই সংঘটিত হোৱা অপৰাধজনিত ঘটনাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । ইতিবাচক চিন্তাৰে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ 'কী চেইন' উদ্ভাৱন কৰি উলিয়াইছে উত্তৰ প্ৰদেশৰ কাণপুৰৰ বিকাশ নগৰৰ এগৰাকী ছাত্ৰীয়ে । পূজা পেটেল নামৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে উদ্ভাৱন কৰি উলিয়াইছে এই বিশেষ 'কী চেইন' । মহিলাসকলে অপৰাধজনিত ঘটনাৰ সন্মুখীন হ'লে অপৰাধীৰে মোকাবিলা কৰাত 'কী চেইন' যথেষ্ট সহায়ক হ'ব কিয়নো, ইয়াত সংলগ্ন কৰা হৈছে ৪৪০ ভল্টৰ বিদ্যুৎ ।

'Emergency shock key chain' নামৰ এই কী চেইন টিণ্ডাৰ ইণ্ডিয়া অভিযানত অংশগ্ৰহণৰ সময়ত উদ্ভাৱন কৰিছে পূজাই । এই সন্দৰ্ভত পূজাই কয় যে, 'প্ৰতিদিনে মহিলাৰ সৈতে হোৱা নিৰ্যাতন তথা অপৰাধজনিত ঘটনাৰ বাতৰি পৰ্যবেক্ষণ কৰাৰ পিছত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাম কৰাৰ সিদ্ধান্ত লৈছিলো । সেইকাৰণে মই বিশেষ 'কী চেইন' সাজি উলিয়াইছো । এবাৰ যেতিয়া আপুনি ডিভাইচটোত থকা বুটাম টিপিব, তেতিয়া ২২০ৰপৰা ৪৪০ ভল্টৰ বিদ্যুৎ প্ৰবাহিত হ'ব । ইয়াত ৰিচাৰ্জ কৰিব পৰা এটা বেটাৰী আৰু কেপাচিটৰো সংলগ্ন কৰা হৈছে ।'

'কী চেইন'ত থকা বিদ্যুতে এটা অপৰাধীক বিদ্যুৎস্পৃষ্ট কৰি সংজ্ঞাহীন কৰাৰ বাবে যথেষ্ট আৰু এই সময়খিনিত ভুক্তভোগী মহিলাগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰিব পাৰিব বুলিও প্ৰকাশ কৰিছে পূজাই । দ্বাদশ শ্ৰেণীৰ ছাত্ৰী পূজাৰ এই কামত সহায় কৰিছে পূজাৰ ভাতৃয়ে । মাত্ৰ ৩০০ টকা ব্যয়েৰে এই বিশেষ 'কী চেইন' উদ্ভাৱন কৰি উলিয়াইছে প্ৰতিভাশালী পূজাই । প্ৰতিগৰাকী মহিলাই এই 'কী চেইন'ৰ ব্যৱহাৰ কৰিব পাৰিব বুলি আশাবাদী পূজা পেটেল । পূজাৰ নামতে এই বিশেষ 'কী চেইন' নামাংকৰণ কৰাত আগ্ৰহী বুলি প্ৰকাশ কৰিছে টিণ্ডাৰ ইণ্ডিয়াৰ প্ৰতিস্থাপক কৌস্তুভ ওমাৰে ।

লগতে পঢ়ক: অসমৰে এজন হৃদয়হীন পিতৃৰ অমানৱীয় কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.