নেশ্য়নেল ডেস্ক, 8 এপ্ৰিল : ভূপালত কোভিড-19 ত নতুনকৈ আক্ৰান্ত হ'ল ছয়জন লোক ৷ ইয়াৰ ফলত বুধবাৰ পৰ্যন্ত মধ্যপ্ৰদেশৰ ৰাজধানীখনত আক্ৰান্তৰ সংখ্য়া 91 জনলৈ বৃদ্ধি পালে ৷
ৰাজ্যখনৰ জনসম্পৰ্কৰক্ষী বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, এক নিউজ চেনেলত কৰ্মৰত সাংবাদিকসহ 6 জন লোক নতুনকৈ কোভিড-19 ত আক্ৰান্ত হৈছে ৷
এই সাংবাদিকজন কোভিড-19 ত আক্ৰান্ত এজন আৰক্ষী বিষয়াৰ সংস্পৰ্শলৈ অহাৰ পাচতে আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷
ভূপালৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া সুধীৰ দেহাৰীয়াই জানিবলৈ দিয়া অনুসৰি, আক্ৰান্ত 91 জনৰ ভিতৰত এজনৰ ইতিমধ্য়ে মৃত্যু হৈছে আৰু দুজন লোক আৰোগ্য হৈ চিকিৎসালৰ পৰা মুক্তি লাভ কৰিছে ৷
আন এজন স্বাস্থ্য বিষয়াই জানিবলৈ দিয়া অনুসৰি, ভূপালৰ প্ৰায় 45 জন আক্ৰান্ত স্বাস্থ্যকৰ্মী আৰু 12 জন আৰক্ষী আৰু পৰিয়ালবৰ্গ ৷
ভূপালৰ মুখ্য়মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইতিমধ্যেই ইণ্ডোৰ আৰু ভূপালৰ সীমান্ত ছীল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷
উল্লেখ্য যে, ইণ্ডোৰত বৰ্তমানলৈকে 173 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 16 জনৰ ৷