নেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃ সোমবাৰে যোগ গুৰু ৰামদেৱে কয় যে দীপিকা পাডুকনে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে দেশৰ সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহৰ সৈতে নিজকে পৰিচিত কৰিব লাগে আৰু তেওঁৰ দৰে লোকক নিজৰ পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিব লাগে যিয়ে তেওঁক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত নিষ্পক্ষ অন্তৰ্দৃষ্টি দিব ৷ উল্লেখ্য যে দীপিকা পাডুকনে 5 জানুৱাৰীত নতুন দিল্লীৰ জেএনইউ কেম্পাচত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰসমূহৰ লগত একাত্মতা প্ৰকাশ কৰাৰ বাবে সোঁপন্থী নেতাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷
ৰামদেৱে কয় যে, দীপিকা পাডুকনক সঠিক পৰামৰ্শ দিবলৈ তেওঁৰ লগত স্বামী ৰামদেৱৰ দৰে লোক থকা উচিত ৷ ইপিনে ৰামদেৱে নতুন নাগৰিকত্ব আইনখন সমৰ্থন কৰি কয় যে, CAAৰ সম্পূৰ্ণ নাম নজনা লোকসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি আছে৷ এই আইনখন নাগৰিকতা কাঢ়িবলৈ নহয় বৰঞ্চ নাগৰিকতা দিবলৈ হে প্ৰনয়ন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে স্পষ্টভাৱে কোৱাৰ পাচতো মানুহে ইয়াৰ বিৰোধিতা কৰি আছে ৷ একাংশ লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰো বিৰোধিতা কৰি আছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ৷
আনহাতে তেওঁ অভিযোগ কৰে যে প্ৰতিবাদকাৰী সকলে 'জিন্নাহৱালি আজাদি' শ্ল'গান দি আছে ৷ তেওঁ এই শ্ল'গান সমূহ ক'ৰ পৰা আহিছে বুলি প্ৰশ্ন কৰি এই ধৰণৰ প্ৰতিবাদ সমূহে দেশৰ প্ৰতিষ্ঠান আৰু ভাবমূৰ্তিত ক্ষতিসাধন কৰিছে বুলি অভিযোগ কৰে ৷ লগতে তেওঁ দাবী কৰে যে ভাৰতত 2 কোটি লোকে অবৈধভাৱে বাস কৰি আছে ৷ তেওঁ কয় যে কোনো দেশকে ডাম্পিং য়াৰ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহয় আৰু কোনো অবৈধ নাগৰিকক ভাৰতত থাকিবলৈ অনুমতি দিব নালাগে ৷ যদি প্ৰস্তাৱিত এনআৰচিখনৰ বিৰোধিতা কৰা লোকসকলৰ সৈতে কোনো বিকল্পিত প্ৰস্তাৱ আছে তেওঁলোকে সেই প্ৰস্তাৱ লৈ আগবাঢ়ি আহিব লাগে বুলি ৰামদেৱে উল্লেখ কৰে ৷ আনহাতে হিন্দুত্ববাদী ভি.ডি সাভাৰকাৰৰ প্ৰশংসা কৰি তেওঁ কয় যে ভাৰতীয় স্বাধীনতা সংগ্ৰাম সাভাৰকাৰৰ অবিহনে আধৰুৱা আছিল ৷ এটা বা দুটা কাৰণৰ বাবে কোনো ব্যক্তিৰ সম্পূৰ্ণ চৰিত্ৰটোক কলংকিত কৰাটো এটা অত্যন্ত অগভীৰ কাম ৷ ইপিনে কংগ্ৰেছ নেতাসকলে প্ৰিয়ংকা গান্ধীক ৱাদ্ৰাক ইন্দিৰা গান্ধীৰ লগতে তুলনা কৰা সন্দৰ্ভত ৰামদেৱে কয় যে যদি আইতাকৰ গুন নাতিনীয়েকৰ গাত আবিৰ্ভাৱ হৈছে সেইটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় ৷ তদুপৰি তেওঁ কয় যে গণতন্ত্ৰক শক্তিশালী কৰিবৰ বাবে বিৰোধী দলো শাষনাধিষ্ঠ দলটোৰ দৰে শক্তিশালী হোৱা উচিত ৷ লগতে পাকিস্তান অধ্যুষিত কাশ্মীৰক ভাৰতৰ লগত সংযুক্ত কৰিবলৈও তেওঁ দাবী কৰে ৷
লগতে পঢ়ক - নিৰ্বাচনৰ পূৰ্বে দিল্লীত বৃহৎ পৰিমানৰ ধন জব্দ