ৰাঁচী, 27 মে’: সপ্তদশ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাচত পদত্যাগৰ সিদ্ধান্ত লৈছে প্ৰদেশ তথা কেন্দ্ৰীয় পৰ্যায়ৰ কংগ্ৰেছৰ একাংশ নেতৃত্বই ৷ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ পদত্যাগ কৰাৰ বিস্ফোৰক সিদ্ধান্তৰ পাচতে অসমৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাও ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ শেহতীয়াকৈ ঝাৰখণ্ডৰ প্ৰাক্তন সাংসদ ডঃ অজয় কুমাৰেও ঝাড়খণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লোকসভা নিৰ্বাচনত শোচনীয় ফলাফলৰ পাচতে সোমবাৰে পদত্যাগ পত্ৰ দাখিল কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷
শোচনীয়ভাৱে পৰাজয় বৰণ কৰা কংগ্ৰেছ দলে সাধাৰণ নিৰ্বাচনত সমগ্ৰ দেশতে 52 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ৷ কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে দল ত্যাগ কৰাৰ পত্ৰ প্ৰেৰণ কৰিছে যদিও চি ডব্লিউ চিয়ে শনিবাৰে তেওঁৰ এই সিদ্ধান্ত বৰ্খাস্ত কৰে ৷ ইয়াৰ পাচতে অসম,ওড়িশা আৰু মধ্য প্ৰদেশৰ ৰাজ্যিক সভাপতিসকলে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনী ফলাফলে দলটোৰ সাংগঠনিক ক্ষেত্ৰটো যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷