উত্তৰ প্ৰদেশ, 20 এপ্ৰিলঃ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আজম খানে শেহতীয়াকৈ জয়া প্ৰদাই খাকী অন্তৰ্বাস পিন্ধে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি প্ৰাৰ্থী জয়া প্ৰদাই ৷ তেওঁ কয় যে আজম খানৰ এই কথাই কেৱল তেওঁকেই নহয় সমগ্ৰ নাৰীকে অপমান কৰিছে ৷ তেওঁ লগতে কয়, ‘‘আজম খানে মোৰ লগতে ৰামপুৰৰো সকলো নাৰীক অপমানবোধ কৰাইছে ৷ সকলো মহিলাই সন্মান বিচাৰে কিন্তু আজম খানৰ নাৰীক সন্মান কৰাৰ অভ্যাস নাই ৷ তেওঁ এই কাৰ্যৰ বাবে কোনেও তেওঁক ক্ষমা নকৰে ৷’’
লগতে জয়া প্ৰদাই কয়, ‘‘প্ৰত্যেকটো নিৰ্বাচনৰ সময়তে আজম খানে এনেদৰে নাৰীক আক্ৰমণ কৰে ৷ কেৱল মোকেই নহয় ইয়াৰ আগতে মায়াৱতীকো আক্ৰমণ কৰিছিল আজম খানে ৷’’
উল্লেখ্য যে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আজম খানৰ প্ৰতিদ্বন্দী হিচাপে ৰামপুৰত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে অভিনেত্ৰী তথা ৰাজনীতিক জয়া প্ৰদা ৷