ETV Bharat / bharat

বাহৰেইনত 200 বছৰ পুৰণি হিন্দু মন্দিৰ দৰ্শন জয়শংকৰৰ

author img

By

Published : Nov 25, 2020, 7:33 PM IST

বাহৰেইনত 200 বছৰ পুৰণি হিন্দু মন্দিৰ দৰ্শন বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ ৷ শ্ৰীনাথজী মন্দিৰ দৰ্শনেৰে দিনটোৰ আৰম্ভণি কৰা বুলি টুইটাৰৰ জৰিয়তে জনাই জয়শংকৰে ৷

Jaishankar visits 200-year-old Hindu temple in Bahrain
বাহৰেইনত 200 বছৰ পুৰণি হিন্দু মন্দিৰ দৰ্শন জয়শংকৰৰ

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : বুধবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে বাহৰেইনৰ মানামাস্থিত 200 বছৰ পুৰণি শ্ৰীনাথজী হিন্দু মন্দিৰ দৰ্শন কৰে ৷ জয়শংকৰে টুইটাৰৰ জৰিয়তে কয়, "মানামাৰ 200 বছৰীয়া শ্ৰীনাথজী মন্দিৰ দৰ্শনেৰে দিনটোৰ আৰম্ভণি কৰিলো ৷ এয়া বাহৰেইনৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্কৰ এক নিদৰ্শন ৷"

  • Began the day with darshan at the 200 year-old Shreenathji Temple at Manama. A testimony to our time- tested and close bonds with Bahrain. pic.twitter.com/U3lD3PrGMG

    — Dr. S. Jaishankar (@DrSJaishankar) November 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দেওবাৰে এছ. জয়শংকৰে দুদিনীয়া ভ্ৰমণৰে উপস্থিত হৈছে বাহৰেইনত ৷ মঙলবাৰে তেওঁ বাহৰেইনৰ বৈদেশিক মন্ত্ৰী ড0 আব্দুল্লাতিফ বিন ৰছিদ অল জয়ানীৰ সৈতে মিলিত হয় ৷ দুয়ো দেশৰ দ্বিপাক্ষিক আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্পৰ্কত আলোচনা কৰে ভাৰত আৰু বাহৰেইনৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে ৷

বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, বৈদেশিক মন্ত্ৰী হিচাপে এয়া জয়শংকৰৰ প্ৰথমটো বাহৰেইন ভ্ৰমণ ৷

টুইটাৰৰ জৰিয়তে জয়শংকৰে কয়, "বৈদেশিক মন্ত্ৰী ড0 আব্দুল্লাতিফ বিন ৰছিদ অল জয়ানীৰে মিলিত হৈ বাহৰেইন ভ্ৰমণৰ আৰম্ভণি কৰিলো ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰিন্স খলিফা বিন ছলমান অল খলিফাৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিলো ৷"

জয়শংকৰে লগতে কয় যে, দুয়োগৰাকী মন্ত্ৰীয়ে আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত নিজৰ মতামত দাঙি ধৰিলে ৷ লগতে কৰ'ণা মহামাৰীৰ সময়ছোৱাত ভাৰতীয়সকলৰ বিশেষ যত্ন লোৱাৰ বাবে বাহৰেইন প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে জয়শংকৰে ৷

লগতে তেওঁ লিখে, "বিভিন্ন বিভাগত আমাৰ ঐতিহাসিক সম্পৰ্ক আৰু সহযোগিতাৰ বিষয়েও আমি আলোচনা কৰিলো ৷ আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত আমাৰ মতামত দাঙি ধৰিলো ৷ ভাৰতীয় লোকৰ বিশেষ ধ্যান ৰখাৰ বাবে বাহৰেইনক ধন্যবাদ জ্ঞাপন কৰিলো ৷"

বিবৃতি অনুসৰি, বাহৰেইন ভ্ৰমণ সামৰি জয়শংকৰে দুদিনীয়া ভ্ৰমণেৰে 25 নৱেম্বৰত আৰৱ গণৰাজ্যত উপস্থিত হ'ব ৷ 26 নৱেম্বৰত তেওঁ আৰৱ গণৰাজ্যৰ বৈদেশিক মন্ত্ৰী শ্বেইখ আব্দুল্লা বিন জায়েদ অল নাহয়ানৰ সৈতে মিলিত হ'ব ৷

বিবৃতি অনুসৰি, "দুয়োগৰাকী নেতাই ভাৰত আৰু আৰৱ গণৰাজ্যৰ বিভিন্ন বিষয়ৰ সহযোগিতা আৰু অংশীদাৰিত্ব তথা আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত মতামত দাঙি ধৰিব ৷"

ইয়াৰ পাচত 27 আৰু 28 নৱেম্বৰত জয়শংকৰ উপস্থিত হ'ব ছেইচেলছত ৷ ছেইচেলছৰ নতুন ৰাষ্ট্ৰপতি ৱাভেল ৰামকালাৱানৰ সৈতে মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভাবাৰ্তা প্ৰেৰণ কৰিব আৰু নতুন চৰকাৰৰ প্ৰাধান্যতা সম্পৰ্কত আলোচনা কৰিব ৷

লগতে পঢ়ক : পেনচিলভেনিয়াত বিডেনৰ বিজয়ক স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.