ETV Bharat / bharat

মালদ্বীপৰ পৰা ১৯৮ গৰাকী যাত্ৰী কঢ়িয়াই তামিলনাডুত উপস্থিত "ঐৰাবত"

author img

By

Published : Jun 23, 2020, 5:13 PM IST

ভাৰতীয় নৌ সেনা বাহিনীৰ সমুদ্ৰ সেতু অভিযানৰ অধীনত মালদ্বীপত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হয় ।

INS Airavat
INS Airavat arrives in Tamil Nadu with stranded Indian citizens from Maldives

নিউজ ডেস্ক, ২৩ জুনঃ মঙলবাৰে তামিলনাডুত উপস্থিত হয় ভাৰতীয় নৌসেনাৰ জাহাজ ঐৰাবত। মালদ্বীপত আৱদ্ধ হৈ থকা ১৯৮ গৰাকী ভাৰতীয় নাগৰিকক লৈ তামিলনাডুৰ তুতীকোৰিণ বন্দৰত উপস্থিত হয় জাহাজখন ।

সমুদ্ৰ সেতু অভিযানৰ অধীনত ভাৰতীয় নাগৰিকসকলক জাহাৰেৰে নিজ দেশলৈ উভতাই অনা হয় । তামিলনাডুত উপস্থিত হোৱাৰ পাছত প্ৰতিজন যাত্ৰীৰ ক্ৰিণিং কৰাৰ লগতে তেওঁলোকৰ বেগসমূহ বিজাণুমুক্ত কৰা হয়।

কোভিড-১৯ সংকটৰ বাবে মালদ্বীপত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ এই অভিযানৰ অধিনত জলপথেৰে নিজ দেশলৈ উভতাই অনা হয় । ভাৰতীয় নৌ সেনাই মুকলি কৰা এই অভিযানৰ অধীনত প্ৰথম অৱস্থাত ১০০০ গৰাকী ভাৰতীয় নাগৰিকক মালদ্বীপৰ পৰা উভতাই অনাৰ পৰিকল্পনা কৰা হৈছিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.