শিলচৰ,14 মাৰ্চ : বাংলাদেশৰ টাংগাইলত যৌথ ইন্দো-বাংলাদেশ সামৰিক বাহিনীৰ এক্সাৰচাইজ সম্প্ৰীতি - 8 । বৃহস্পতিবাৰে অনুষ্ঠিত এক্সাৰচাইজ সম্প্ৰীতি - 8 ৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় সেনাবাহিনীৰ ৰাজপুতানা ৰাইফলচৰ 9 তম বেটেলিয়নৰ এটা কোম্পানী গোষ্ঠীৰ লগতে বাংলাদেশ সেনাবাহিনীৰ 36 ইস্ট বেংগল বেটেলিয়ন কোম্পানীয়ে ৷

অনুষ্ঠানত উভয় পক্ষৰে কমাণ্ডাৰ তথা বিভাগীয় অফিচাৰসকলৰ মাজত বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ উপৰিও ভলীবল, বাস্কেটবল আদি খেলো অনুষ্ঠিত হয় ৷
এক্সাৰচাইজ সম্প্ৰীতি - 8 ৰ সামৰণি অনুষ্ঠানত দুয়োখন দেশৰ মাজত এক বিশেষ সম্পৰ্ক আছে বুলিও মন্তব্য কৰে ভাৰতৰ হাই কমিশ্বনাৰ মিছেছ ৰিভা গাংগুলি দাসে ৷