ETV Bharat / bharat

বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ পুতৌজনক অৱস্থা

author img

By

Published : Nov 22, 2019, 10:46 PM IST

Updated : Nov 23, 2019, 12:01 PM IST

ভাৰতৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যাই দেশখনত ক্ষুধাৰ সমস্যা বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে বিশ্ব ক্ষুধা সূচকাংক অৰ্থাৎ GHI-ত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱা স্বত্বেও চীনে ২৫নং স্থান দখল কৰিছে।

বিশ্ব ক্ষুধা সূচাকাংকত ভাৰতৰ পুতৌজনক অৱস্থা

শেহতীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সৈতে হোৱা বৈঠকত বিশ্ব বেংকে জনাইছিল যে ১৯৯০ চনৰ পৰা ভাৰতে সম্পত্তিৰ হাৰ দুগুণ কৰিছে। কিন্তু, প্ৰকৃততে বিগত তিনি বছৰত দেশত ভোকাতুৰ লোক সংখ্যা বৃদ্ধই পাইছে । বিশ্ব ক্ষুধা সূচকাংকত ১১৭খন দেশৰ ভিতৰত ভাৰতে ১০২ নং স্থান লাভ কৰিছে । চুবুৰীয়া দেশ পাকিস্তানে ৯৪ নং স্থান,বাংলাদেশ ৮৮ নং স্থান,নেপালে ৭৩ নং স্থান,ম্যানমাৰে ৬৯ সংখ্যক স্থান আৰু শ্ৰীলংকাই ৬৬ সংখ্যক স্থানেৰে ভাৰততকৈ আগত আছে।

এই সূচকাংকই এটা কথা স্পষ্ট কৰে যে ভাৰতৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যাই দেশখনত ক্ষুধাৰ সমস্যা বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে বিশ্ব ক্ষুধা সূচকাংক অৰ্থাৎ GHI-ত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱা স্বত্বেও চীনে ২৫নং স্থান দখল কৰিছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনে পূৰ্বতেও জনাইছিল যে পুষ্টিহীনতা বা খাদ্য সুৰক্ষা অবিহনে জীয়াই থকা লোকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে । ইপিনে,বিশ্ববেংকে সকিয়নী দিছে যে দ্ৰুতগতিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ভাৰতৰ দৰে দক্ষিণ এছিয়াৰ দেশসমূহত খাদ্যৰ উৎপাদন ৫০ শতাংশ হ্ৰাস পাব। এই কথা সকলোৰে জ্ঞাত যে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ ফলাফলসমূহ বহনক্ষম উন্নয়নৰ বাবে বাধাস্বৰূপ। কৃষিভিত্তিক উৎপাদন বৃদ্ধি নোপোৱাৰ লগতে ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ অনুপাতৰ মাটিত খেতি নকৰাৰ বাবে খাদ্য সুৰক্ষাৰ অভাৱে দেখা দিয়ে । আজিও গ্ৰামাঞ্চলৰ ৭৫ শতাংশ লোক আৰু চহৰাঞ্চলৰ ৫০ শতাংশ লোক খাদ্যৰ বাবে চৰকাৰী ৰেচন ব্যৱস্থাৰ ওপৰতেই নিৰ্ভৰশীল। বিক্ষিপ্ত যোগান ব্যৱস্থাৰ বাবে জনসংখ্যাৰ এক বৃহৎ অংশৰ খাদ্য সুৰক্ষাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

যদিও মধ্যাহ্ন ভোজন আৰু সংযুক্ত শিশু বিকাশ সেৱাক একেলগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত অনা হয়, আইনখন কাৰ্যকৰী কৰাত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ দেখা যায়। যাৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। খাদ্যশস্যৰ যোগান,ভঁৰাল আৰু ব্যৱস্থাপনাত আসোঁৱাহৰ লগতে তৃতীয় চতুৰ্থাংশ খাদ্য শস্যই বিনষ্ট হৈছে। প্ৰাকৃতিক দুৰ্যোগ আৰু আন প্ৰাকৃতিক সমস্যাই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি কৰিছে। আবতৰীয়া বৰষুণে শস্য নষ্ট কৰি কৃষকৰ মূৰত ৰাম টাঙোন শোধাইছে। যাৰ ফলত কৃষিভূমি উকা হৈ পৰি ৰৈছে। ভূমিৰ ব্যৱহাৰ সলনি হোৱাৰ ফলত খাদ্য শস্যৰ উৎপাদনত কু-প্ৰভাৱ পেলাইছে। যদি জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা এই হাৰত অব্যাহত থাকে,তেন্তে ভৱিষ্যত প্ৰজন্মৰ জীৱিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব।

আৰু জানিবলৈ চাওকঃ তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ সমান্তৰালকৈ চলিব ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

যদিও অৰ্থনৈতিক পিয়লে দৰিদ্ৰতা বৃদ্ধিৰ কথা উল্লেখ কৰিছে,পুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰভাৱ শিশু আৰু মহিলাৰ মাজত অধিক। ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৫০ শতাংশ লোকেই এনিমিয়াত আক্ৰান্ত। শেহতীয়া GHI-ৰ পৰিসংখ্যা অনুসৰি ২০.৮ শতাংশৰে ভাৰতত শিশুৰ অপচয় সৰ্বাধিক। দেশৰ শিশুৰ ৩৭.৯ শতাংশৰে অপচয় ঘটে। মাত্ৰ ৯ ৰ পৰা ২৩ মাহৰ শিশুসকলহে উপযুক্ত খাদ্য বা যত্ন লাভ কৰে। এই তথ্যই আমাৰ দেশৰ পুতৌজনক অৱস্থাকে প্ৰতিফলিত কৰে। পুষ্টিহীনতা,লেতেৰা খোৱা পানী,অনাময়ৰ সুবিধাৰ অভাৱ,ক’লেৰা, মেলেৰিয়া,ভাইৰেল সংক্ৰমণ আদিৰ ফলত বহু শিশুৰ মৃত্যু হয়। এই ক্ষেত্ৰত ভৱিষ্যতে খাদ্য সুৰক্ষাই বহু কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। যদিও চৰকাৰে খাদ্য আৰু সংস্থাপন দিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে,অপ্ৰিয় সত্যটো হ’ল প্ৰাকৃতিক দুৰ্যোগ আৰু আন সমস্যাই খাদ্য সুৰক্ষাক ভাৰাক্ৰান্ত কৰিছে।

লগতে পঢ়কঃদৰঙৰ এজন শিক্ষকৰ মহানুভৱতাৰ কাহিনী

অভিলাষী মাতৃ আৰু শিশু কল্যাণ নীতি বা আঁচনিৰ জৰিয়তে পুষ্টিহীনতাৰ দৰে সমস্যা সমাধান কৰিব পাৰি। ২০২২ চনৰ ভিতৰত ভাৰতক পুষ্টিহীনতা মুক্ত দেশ হিচাপে গঢ় দিবলৈ,এক সৰ্বাংগীণ আঁচনি সঠিকভাৱে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰিব লাগিব। উপলব্ধ সম্পদসমূহ সঠিকভাৱে বহনক্ষম উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব লাগিব। কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবেও পদক্ষেপ ল’ব লাগিব। নতুন শস্য প্ৰজাতি প্ৰৱৰ্তন কৰাৰ লগতে ক’লা বজাৰ নিয়ন্ত্ৰণ কৰি যোগান শৃংখল উন্নত কৰিব পাৰি। বিশুদ্ধ খোৱাপানী যোগানৰ লগতে পানী সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টিৰে উন্নত ফল লাভ কৰিব পাৰি। পৰিৱেশ সুৰক্ষাৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগো ৰোধ কৰিব পাৰি। তেতিয়াহে শিশুসকলে পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ যি স্বাস্থ্যৱান নাগৰিক হৈ উঠিব।

Sir, 
Please find the translated copy on 'Global Hunger Index'
Regards
Rinkumani Pathak

On Fri, Nov 22, 2019 at 11:40 AM Rinkumani Pathak <rinkupathak125@gmail.com> wrote:
Sir, 
Please find the two translate copies on Brics and Investment for Development. Another translated article will be sent shortly.
Regards
Rinkumani Pathak

On Thu, Nov 21, 2019 at 2:33 PM Mrinal Das <mrinal.das@etvbharat.com> wrote:
Dear Rinkumoni,
Please do the translation asap.
Regards.
Last Updated : Nov 23, 2019, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.