নিউজ ডেস্ক, ১২ মে' : ভাৰতীয় নৌ-সেনাৰ 'Mission Sagar'ৰ অধীনত মালদ্বীপলৈ প্ৰেৰণ কৰা নৌ-সেনাৰ জাহাজ কেশৰী মঙলবাৰে গৈ মালদ্বীপৰ মালে বন্দৰত উপস্থিত হৈছে । জাহাজখনে দুটাকৈ স্বাস্থ্যকৰ্মীৰ দলৰ লগতে ৫৮০ টন অত্যাৱশ্যকীয় সামগ্ৰী লৈ দেশখনত উপস্থিত হৈছে । কোভিড-১৯ মহামাৰী সময়ত এয়া ভাৰতৰ মালদ্বীপলৈ সহায় হিচাপে আগবঢ়োৱা হৈছে আৰু ভাৰতীয় জনতাৰ হৈ ভাৰতীয় নৌ-সেনাই মালদ্বীপক এইসমূহ সামগ্ৰী তথা স্বাস্থ্যকৰ্মীৰ দলটোৰ সেৱা আগবঢ়াব ।
দেওবাৰে নৌ-জাহাজ কেশৰীয়ে দুটাকৈ স্বাস্থ্যকৰ্মীৰ দল তথা অত্যাৱশ্যকীয় সামগ্ৰীসহ দক্ষিণ ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ বাবে আৰম্ভ কৰা 'Mission Sagar'ৰ অধীনত মালদ্বীপলৈ যাত্ৰা আৰম্ভ কৰিছিল । মালদ্বীপ, মৰিচাছ, মাদাগাস্কাৰ, কমৰোছ আৰু চিছিলিছৰ দৰে দেশে কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ পৰা সাহাৰ্য বিছাৰি আবেদন কৰিছিল ।
-
Mission SAGAR ...touching the first shores ! #INSKesari entering into Malé port, the first destination of #MissionSAGAR. She carries 580 tonnes of essential food items as a gift from the people of #India to the people of #Maldives.@PMOIndia @MEAIndia @MoFAmv pic.twitter.com/zcbEw0XuTS
— India in Maldives (@HCIMaldives) May 12, 2020 " class="align-text-top noRightClick twitterSection" data="
">Mission SAGAR ...touching the first shores ! #INSKesari entering into Malé port, the first destination of #MissionSAGAR. She carries 580 tonnes of essential food items as a gift from the people of #India to the people of #Maldives.@PMOIndia @MEAIndia @MoFAmv pic.twitter.com/zcbEw0XuTS
— India in Maldives (@HCIMaldives) May 12, 2020Mission SAGAR ...touching the first shores ! #INSKesari entering into Malé port, the first destination of #MissionSAGAR. She carries 580 tonnes of essential food items as a gift from the people of #India to the people of #Maldives.@PMOIndia @MEAIndia @MoFAmv pic.twitter.com/zcbEw0XuTS
— India in Maldives (@HCIMaldives) May 12, 2020
আইএনএছ কেশৰীত যোৱা স্বাস্থ্যকৰ্মীৰ দুয়োটা দল মৰিচাছ আৰু কমৰোছত নিয়োগ কৰা হ'ব বুলি বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে । মালদ্বীপৰ পিচতেই জাহাজখনে মৰিচাছ, মাদাগাস্কাৰ,কমৰোছ আৰু চিছিলিছত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰদান কৰিব । মৰিচাছৰ বাবে এক বিশেষ আয়ুৰ্বেদিক ঔষধৰ টোপোলাও প্ৰেৰণ কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে । মাদাগাস্কাৰ আৰু কমৰোছৰ বাবে প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত হাইড্ৰ'ক্সিক্লৰ'কুইন আছে বুলি জানিব পৰা গৈছে ।
ভাৰতে ইয়াৰ প্ৰতিবেশী আৰু ওচৰে-পাজৰে থকা দেশসমূহলৈ কোভিড-১৯ মহামাৰীৰ সময়ত বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াইছে । ভাৰত চৰকাৰে মালদ্বীপ, শ্ৰীলংকা, মৰিচাছ আৰু চিছিলিছক পূৰ্বেও ঔষধ প্ৰেৰণ কৰিছে । ইতিমধ্যে মালদ্বীপত ভাৰত চৰকাৰে প্ৰেৰণ কৰা স্বাস্থ্যকৰ্মীৰ এটা দলে চিকিৎসা সেৱা আগবঢ়াই আছে বুলি বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "Security and Growth for All in the Region"ৰ অধীনত নৌ-সেনাই 'Mission Sagar' অভিযান আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ "মহামাৰী নহয় , নৃত্য শ্বেয়াৰ কৰক "-ইউনিচেফ