চিৰাং,31 অক্টোবৰঃ ভাৰতীয় যুৱ-প্ৰজন্মক কৰ্মসংস্কৃতিক প্ৰতি আকৰ্ষিত কৰাৰ বাবে স্থলসেনাই পালন কৰি আহিছে বহুটো কৰ্মসূচী ৷ দেশৰক্ষাৰ লগতে দেশবাসীক সকলো দিশতে সমানে চোৱাচিতা কৰি আহিছে স্থলসেনাই ৷ স্থলসেনাৰ কৌশলী বিকাশ কৰ্মসূচীৰ অধীনত চিৰাং জিলাৰ ঢালিগাঁৱৰ ঢালিগাঁও উচ্চ বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্যসূচী ৷

স্থলসেনাৰ ৰঙিয়াস্থিত ৰেড হৰ্ণ ডিভিজনৰ অধীনস্থ পঞ্চম গাড়ৱাল ৰাইফলছে অনুষ্ঠিত কৰে এই কৌশলী বিকাশ কাৰ্যসূচী ৷ গুৱাহাটীৰ বেচৰকাৰী সংস্থা প্ৰগতি ইডুটেকৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটোত চিৰাং,কোকৰাঝাৰ,বাক্সা আৰু ধুবুৰী জিলাৰ ৫৫০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ইচ্ছুক শিক্ষাৰ্থীসকলে এই অনুষ্ঠানৰ পৰাই বিভিন্ন শিতানত প্ৰশিক্ষণ লৈ সেনাবাহিনীৰ লগতে বিভিন্ন বিভাগত যাতে কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হয় সেই বিষয়ে সেনাই সহায় কৰিব বুলি জনায় ।
বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা বিশেষ কাৰ্যসূচীত চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ,কাজলগাঁৱস্থিত পঞ্চম গাড়ৱাল ৰাইফলছৰ কমাণ্ডাৰ দিপক পাণ্ডে,ৰেড হৰ্ণ ডিভিজনৰ ব্ৰিগেডিয়াৰ অনিন দেৱ সাহাই অংশগ্ৰহণ কৰে ৷
লগতে চাওকঃ পৃথক বড়োলেণ্ড: স্বায়ত্ত্ব শাসন আৰু অন্যান্য আঠদফীয়া দাবীত জ্বলিছে অসম !