ETV Bharat / bharat

ভাৰতৰ অভিযোগ : জইছ-এ-মহম্মদৰ দায়িত্ব গ্ৰহণৰ পৰা বিৰত আছে পাকিস্তান

author img

By

Published : Aug 28, 2020, 9:28 AM IST

নিয়মিত ভাৰ্চুৱেল মিডিয়া ব্ৰিফিঙৰ সময়তেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে, পুলৱামা কাণ্ডৰ প্ৰায় ডেৰ বছৰ পিছত চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু 2019ৰ ফেব্ৰুৱাৰীত হোৱা আক্ৰমণৰ পিছত আধা অনুসন্ধান আৰম্ভ কৰা হৈছে ৷ তেখেতে আৰু কয় যে, সন্ত্ৰাসবাদক সম্বোধন কৰাৰ উপৰিও এই জঘন্য অপৰাধটোক উচিত ন্যায় প্ৰদান কৰাৰ লক্ষ্যৰে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে ৷ কেৱল সাধাৰণভাৱে বিবৃতি আৰু জাননী প্ৰেৰণ কৰাই আমাৰ লক্ষ্য নহয় ৷

India says Pakistan sheltering Masood Azhar, continues to evade responsibility for Pulwama attack
জইছ-এ-মহম্মদৰ দায়িত্ব গ্ৰহণৰ পৰা বিৰত আছে পাকিস্তান

নেশ্যনেল ডেক্স, 28 আগষ্টঃ ভাৰতে বৃহস্পতিবাৰে পাকিস্তানৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, পাকিস্তানে নিৰৱচ্ছিন্নভাৱে পুলৱামা কাণ্ডৰ মূল অভিযুক্ত মাছুদ আজহাৰক আশ্ৰয় প্ৰদান কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠন জইছ-এ-মহম্মদৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা বিৰত আছে ৷ ইতিমধ্যেই, ঘটনা সন্দৰ্ভত 19 জনকৈ লোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ৷

নিয়মিত ভাৰ্চুৱেল মিডিয়া ব্ৰিফিঙৰ সময়তেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে, পুলৱামা কাণ্ডৰ প্ৰায় ডেৰ বছৰ পিছত চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু 2019 চনৰ ফেব্ৰুৱাৰীত হোৱা আক্ৰমণৰ পিছত আধা অনুসন্ধান আৰম্ভ কৰা হৈছে ৷ তেখেতে আৰু কয় যে, সন্ত্ৰাসবাদক সম্বোধন কৰাৰ উপৰিও এই জঘন্য অপৰাধটোক উচিত ন্যায় প্ৰদান কৰাৰ লক্ষ্যৰে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে ৷ কেৱল সাধাৰণভাৱে বিবৃতি আৰু জাননী প্ৰেৰণ কৰাই আমাৰ লক্ষ্য নহয় ৷

তেখতে আৰু জানিবলৈ দিয়ে যে, দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জই-এ-মহম্মদ আৰু ইয়াৰ নেতৃবৃন্দ পাকিস্তানত আশ্ৰয় গ্ৰহণ কৰি আছে বুলি ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰখনক প্ৰমাণ প্ৰদান কৰা হৈছে ৷ জইছ-এ-মহম্মদে পুলৱামা কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ সংগঠনটোৰ সদস্যসকল পাকিস্তানত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ পাকিস্তানৰ সৈতে এই সন্দৰ্ভত উপযুক্ত প্ৰমাণ আদান-প্ৰদান কৰা হৈছে ৷ কিন্তু আশ্বৰ্যজনকভাৱে পাকিস্তানে এইক্ষেত্ৰত নিজৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা বিৰত আছে ৷

2008 বৰ্ষৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধেও পাকিস্তানে কোনো বিশ্বাসযোগ্য পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷

লগতে পঢ়ক-ইটিভি নেটৱৰ্কৰ গৌৰৱোজ্বল 25 বছৰঃদৰ্শক আৰু কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন অধ্যক্ষ ৰামোজী ৰাওৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.