নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰিছে যে, ৪৪ দিনৰ দিনাও আৰোগ্যৰ হাৰ বৃ্দ্ধি হৈ আছে । ভাৰতত বিগত ২৪ ঘণ্টাত ৩০,৫৪৮ জন নতুনকৈ COVID-১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৩,৮৫১ জন সুস্থ হৈ উঠিছে । বিভাগীয় বিষয়াই প্ৰকাশ কৰা মতে, দৈনিক আৰোগ্যৰ হাৰ বৃদ্ধিৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে ভাৰতত । সোমবাৰে ৩০,৫৪৮ জন নতুনকৈ আক্ৰান্ত হৈছে যদিও এই সংখ্যা বৰ্তমানলৈকে দৈনিক আক্ৰান্তৰ সংখ্যাৰ ভিতৰত আটাইতকৈ কম ।
আমেৰিকাকে ধৰি আন বহু দেশত এতিয়াও দৈনিক নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃ্দ্ধি হৈয়ে আছে। চৰকাৰে COVID-১৯ৰ বাবে নমুনা পৰীক্ষণ বৃ্দ্ধিৰ কৰা বাবে সংক্ৰমণৰ মাত্ৰা হ্ৰাস পাইছে আৰু আক্ৰান্তৰ সংখ্যাও পূৰ্বতকৈ হ্ৰাস পাইছে। স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান আৰোগ্যৰ হাৰ ৯৩.২৭ আৰু আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৮২,৪৯,৫৭৯ জন। যোৱা ২৪ ঘণ্টাত আৰোগ্য হোৱা ৭৮.৫৯ শতাংশ ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
সুস্থ হোৱাৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে দিল্লী । ৭,৬০৬ জন ৰোগী আৰোগ্য হৈছে। কেৰালাত ৬,৬৮৪ জন, পশ্চিমবংগত ৪,৪৮০ জন ৰোগী আৰোগ্য হোৱাৰ তথ্য পঞ্জীয়ন কৰা হৈছে। দেওবাৰে দিল্লীত ৩,২৩৫টা, পশ্চিমবংগত ৩,০৫৩টা নতুনকৈ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪৩৫ জন লোকে মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে।
লগতে পঢ়ক:ৰাজস্থানত মাকক ধৰ্ষণ কৰি কন্যাক জীৱন্তে অগ্নিসংযোগ